NORTHEAST NOW (Assamese)

বাংলাদেশে সীমান্তত নিচিহ্ন কৰিলে পাকিস্তানৰ নাম; এফালৰ পৰা মছিলে পাকিস্তান শব্দ

September 14, 2019 11:01 am · এন ই নাও নিউজ
ফটো সৌজন্য-ইণ্ডিয়া.কম

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাৰ নিৰ্দেশ অনুসৰি বাংলাদেশ বোৰ্ডাৰ গাৰ্ড চমুকৈ বি জি বিয়ে সকলোবোৰ সীমান্ত খুটিৰ পৰা পাকিস্তানৰ নাম মছি দিয়ে।

দেশ বিভাজন হোৱাৰ সময়ত বাংলাদেশ তেতিয়া পাকিস্তানৰ অংশ আছিল।

১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ ৪৮ বছৰ পাছত দেশখনত থকা সকলোবোৰ পাকিস্তানী নাম মছি পেলোৱাৰ সিদ্ধান্ত লয় বাংলাদেশ চৰকাৰে।

বাংলাদেশ বোৰ্ডাৰ গাৰ্ডৰ আৰ্থিক সহায়েৰে এই কাম সম্পুৰ্ণ কৰা হয়।

বি জি বিয়ে প্ৰকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এতিয়াৰ পৰা সকলো সীমান্ত খুটিত ‘পাকিস্তান/পাক’ বুলি লিখা থকাৰ পৰিৱৰ্তে ‘বাংলাদেশ/বিডি’ বুলি লিখা থাকিব বুলি প্ৰকাশ কৰে।

১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজন হোৱাৰ পাছত ৮,০০০ত কৈ অধিক ‘ভাৰত/পাকিস্তান’ বুলি লিখা সীমান্ত খুটি স্থাপন কৰা হৈছিল।

বাংলাদেশে শতখিৰা, জেচোৰ, চৌদাংগা, খুস্তিয়া, ৰাজশ্বাহী, নগাঁও, মৈমনসিং, জামালপুৰ, ছিলেট, চিত্তাগং,কোমিলা, ব্ৰাহ্মণবাৰিয়া আদি সীমান্ত অঞ্চলত থকা সীমান্ত খুটিৰ পৰা পাকিস্তানৰ নাম আতৰাই দি নতুনকৈ বাংলাদেশৰ নাম লিখে।

উল্লেখযোগ্য যে, বাংলাদেশ গঠনৰ সময়ত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেতিয়াৰ পূব-পাকিস্তানত আক্ৰমণ কৰা পাকিস্তানী সৈন্যক ৰণত ভাৰতীয় সৈন্যই পৰাস্ত কৰি বাংলাদেশৰ স্বাধীনতা আন্দোলনত ভাৰতে সহায় কৰিছিল।

Related News