NORTHEAST NOW (Assamese)
অসম

মৰনৈত চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালনাম মহোৎসৱ উদযাপন

Posted by: নীলমণি শৰ্মা March 9, 2019 10:31 am

 

গোৱালপাৰা জিলাৰ মৰনৈত শুকুৰবাৰৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পালনাম মহোৎসৱ। পালনামক কেন্দ্ৰকৰি অঞ্চলটোত এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰিছে৷ হৰিভক্তিত মুখৰিত হৈ পৰিছে মৰনৈৰ আকাশ-বতাহ।

ধৰ্মধ্বজা উত্তোলনৰে ৪৯ সংখ্যক পালনাম মহোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে সভাপতি নিপ কুমাৰ দাসে। বৰপেটা জিলাৰ ভৱানীপুৰ আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও নামদলে পালনাম মহোৎসৱখনিত আংশগ্ৰহণ কৰিব।

আনহাতে, পালনাম মহোৎসৱৰ লগত সংগতি ৰাখি এক ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি অঞ্চলটোৰ ৰাইজৰ উদ্যোগক প্ৰসংশা কৰাৰ লগতে এনেধৰণৰ কাৰ্য্যসূচীয়ে জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰিতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায় বুলিই মন্তব্য কৰে।

সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপাৰা জিলাৰ বিভন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মীয় ঐতিহ্যক আটক ধুনীয়া ৰূপত উপস্থাপন কৰা হয়। গোৱালপাৰা ঐতিহাসিক শ্ৰী সূৰ্য্য পাহাৰ পীঠস্থান পৰিচালনা সমিতিৰ সম্পাদক হৰমোহন কলিতা আৰু জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সোভাযাত্ৰাত অংশগ্ৰহণ কৰে।