NORTHEAST NOW (Assamese)
অসম

গহপুৰত ৯৩ টা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ; ৫ ডিচেম্বৰত ভোটগ্ৰহণ

Posted by: কাজি জেইদুল ইছলাম November 10, 2018 7:22 pm
Panchayat-570x320

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে দুটা পৰ্যায়ত ঘোষণা কৰা পঞ্চায়ত নিৰ্বাচনৰ সূচী অনুসৰি অহা ৫ ডিচেম্বত গহপুৰ মহকুমাৰ অধীনৰ ২ খন আঞ্চলিক পঞ্চায়ত, ৪ টা জিলা পৰিষদ সমষ্টি আৰু ৩৪ খন গাঁও পঞ্চায়তৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক পঞ্চায়তকেইখন হৈছে ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ। সেইদৰে জিলা পৰিষদৰ সমষ্টিকেইটা হ’ল হেলেম-‘ক’, হেলেম-‘খ’, কলাবাৰী আৰু লোহিতমুখ।

উল্লেখযোগ্য যে এইবাৰ মহকুমাটোৰ ৩৪৩ টা ভোটকেন্দ্ৰত মুঠ ১,৭১,৯২৭ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৮৯,৫৬৩ গৰাকী হৈছে পুৰুষ আৰু ৮২,৩৬৪ গৰাকী মহিলা ভোটদাতা।

আনহাতে ভোট কেন্দ্ৰসমূহৰ ভিতৰত ৯৩ টাক অতি স্পৰ্শকাতৰ, ১৭৬ টা স্পৰ্শকাতৰ আৰু ৭৪ টা সাধাৰণ হিচাপে চিহ্নিত কৰা হৈছে।

নিৰ্বাচন পৰিচালনাৰ বাবে ৩ গৰাকী মাষ্টাৰ প্ৰশিক্ষক, ১৫ গৰাকী প্ৰাধিকৃত বিষয়া, ৮ গৰাকী মাণ্ডলিক বিষয়া আৰু ২১ গৰাকী খণ্ড পৰ্য্যায়ৰ বিষয়া নিয়োজিত কৰা হ’ব। তদুপৰি মহকুমাটোত মুঠ ৪টা ষ্ট্ৰং ৰূম আৰু ৪টা ভোটগণনা কক্ষৰ ব্যৱস্থা কৰাৰ লগতে নিৰ্বাচন পৰিচালনাৰ বাবে মহকুমাধিপতিয়ে ইতিমধ্যেই কেইবাটাও কোষ গঠন কৰি দিছে।

গহপুৰৰ নিৰ্বাচনী বিষয়া ৰমী বৰুৱাই জানিবলৈ দিয়া মতে ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত আৰ্হি-আচৰণবিধি নিৰীক্ষণ কোষে তীক্ষ্ণ নজৰ ৰাখিছে আৰু এই বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে জনপ্ৰতিনিধিত্ব আইনৰ প্ৰযোজ্য ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।