NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ পৰা চীনলৈ চলিছে দুষ্প্ৰাপ্য বনৰৌৰ চোৰাং বেহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2019 9:24 pm
Pangolin rescued by Assam forest officials and WCCB in Assam's Guwahati

উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ পৰা চীনকে ধৰি দক্ষিণ-পূব এছিয়াৰ দেশলৈ চলিছে দুষ্প্ৰাপ্য বনৰৌৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বেহা।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াই কৰা বাতৰি মতে, “ৰাজ্যত বনৰৌসমূহ চিকাৰ কৰা হয় আৰু নাগালেণ্ডৰ চোৰাং বজাৰত বিক্ৰী কৰা হয়। এইটো ইয়াৰ পৰাই যে এই জন্তুবোৰক সীমা পাৰ কৰি চীন আৰু মালয়েছিয়ালৈ পঠিওৱা হয় য’ত ইয়াৰ বাকলি আৰু মাংসক দৰৱ বুলি ধৰা হয়।”

গুৱাহাটীৰ এখন হোটেলৰ পৰা অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ দুজন চোৰাং কাৰবাৰীৰ শেহতীয়া গ্ৰেপ্তাৰক লৈ টাইমছ অৱ ইন্দিয়াই কৰা বাতৰিত এই কথা কোৱা হৈছে।

অসমৰ বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা লোক দুজনক মেঘালয়ৰ ৰিঞ্জাৰ মাইকেল পাল মাৰ আৰু অৰুণাচল প্ৰদেশৰ জিৰ’ ভেলিৰ ব্ৰু হাচি বুলি চিনাক্ত কৰা হৈছে।

ধৃত লোক দুজনে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা এটা ৬.২ কেজিৰ বনৰৌ আনিছিল নাগালেণ্ডৰ আন এজন চোৰাং কাৰবাৰীৰ বেচিবৰ কাৰণে গুৱাহাটীত বাহৰ পাতিছিল কিন্তু সেইজন চোৰাং কাৰবাৰী পলাই যাবলৈ সক্ষম হয়।