NORTHEAST NOW (Assamese)

কালিকা লগা ২০২০! : এইবাৰ ১৯৮২ বিশ্বকাপ ফুটবলৰ নায়ক পাওলো ৰুছীৰ মৃত্যু

December 10, 2020 12:00 pm · এন ই নাও নিউজ
Updated: December 10, 2020 12:10 pm

কালিকা ২০২০! ২০২০ বৰ্ষই ইজিনৰ পিছত সিজনকৈ বিশ্বৰ কিংবদন্তী তথা প্ৰবাদপ্ৰতীম লোকসকলক পৃথিৱীৰ পৰা কাঢ়ি নিছে।

বিশ্ব ফুটবলৰ কিংবদন্তী খেলুৱৈ ডিয়েগ’ মাৰাডোনাৰ মৃত্যুৰ শোক শেষ নৌহওঁতেই বিশ্ব ফুটবলৰ অন্য এজন প্ৰবাদপ্ৰতীম ফুটবলাৰে জীৱনৰ পৰা মেলানি মাগিলে।

বিশ্ব ফুটবলৰ অন্য এজন কিংবদন্তী ইটালীৰ ফুটবলাৰ পাওলো ৰুচিৰ বৃহস্পতিবাৰে ইটীলীৰ ৰোমত মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৬ বছৰ।

ইটালীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পাওলো ৰুছী দীৰ্ঘদিনৰ পৰাই ৰোগাক্ৰান্ত হৈ আছিল।

১৯৫৬ চনৰ ২৩ ছেপ্তম্বৰত জন্ম গ্ৰহণ কৰা পাওলো ৰুছী আছিল ১৯৮২ চনৰ স্পেইন বিশ্বকাপ ফুটবলৰ নায়ক। সেইবাৰ প্ৰতিযোগিতা পশ্চিম জাৰ্মানীক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ইটালীয়ে বিশ্বকাপ জয় কৰিছিল।

১৯৮২ৰ স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত পাওলো ৰুছীয়ে সৰ্বাধিক ৬ টা গল স্ক’ৰ কৰি সোণৰ বুট লাভ কৰিবলৈ সক্ষম হৈছিল।

১৯৮২ বৰ্ষত পাওলোৱে বিশ্ব ফুটবলৰ আটাইতকৈ সন্মানীয় ফিফাৰ বেলন ড’ৰ সন্মান লাভ কৰিছিল। তেওঁ বৰ্ষশ্ৰেষ্ঠ ইউৰোপীয়ান ফুটবলাৰ লগতে আন বহু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

পাওলো ৰুছীয়ে ইটালীৰ জাতীয় দলৰ হৈ ৪৮ খন আন্তৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি মুঠ ২০ টা গ’ল কৰিছিল।

ইটালীৰ ‘চিৰি এ’ত ভিচেঞ্জা আৰু জুভেণ্টাছ হৈ খেলা ৰুছীয়ে ১৯৭৭ বৰ্ষত ২৪ টা গ’ল কৰি সৰ্বাধিক গল স্ক’ৰাৰো সন্মান লাভ কৰিছিল।

ৰেক’ৰ্ড সংখ্যক আৰ্থিক মূল্যত ভিচেঞ্জাৰ পৰা ১৯৮১ চনত ৰুছীয়ে জুভেণ্টাছত চুক্তিৱদ্ধ হৈছিল আৰু জুভেণ্টাছক ‘চিৰি এ’ত দুবাৰ চেম্পিয়ন কৰোৱাত ৰুছীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ।

বিশ্বৰ ১০০ গৰাকী শ্ৰেষ্ঠ ফুটবলাৰৰ আগফালে স্থান লাভ কৰাৰ পাওলো ৰুছীৰ মৃত্যুত ইটালীৰ লগতে সমগ্ৰ বিশ্ব ফুটবলতে শোকৰ ছাঁ পৰিছে।

Related News