NORTHEAST NOW (Assamese)
দেশ

নিটি আয়োগৰ নতুন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত বিভিআৰ সুব্ৰহ্মণ্যম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2023 9:33 pm
NITI Aayog New CEO

কেন্দ্ৰী চৰকাৰৰ ‘থিংক টেংক’ নিটি আয়োগৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় বাণিজ্য সচিব বিভিআৰ সুব্ৰহ্মণ্যমক। কেবিনেটৰ নিযুক্তি সমিতিৰ জাননী অনুসৰি পৰৱৰ্তী দুই বছৰৰ বাবে সুব্ৰহ্মণ্যমনে এই পদত অধিষ্ঠিত হৈ থাকিব।

নিটি আয়োগৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমেশ্বৰ আয়াৰৰ স্থানত নিযুক্তি দিয়া হৈছে সুব্ৰহ্মণ্যমক। পৰমেশ্বৰ আয়াৰক নিটি আয়োগৰ পৰা আঁতৰাই বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে। অহা তিনি বছৰলৈকে বিশ্ব বেংকৰ সঞ্চালকৰ দায়িত্বত থাকিব পৰমেশ্বৰ আয়াৰ।

উল্লেখ্য যে, অন্ধ্ৰপ্ৰদেশত জন্ম গ্ৰহণ কৰা সুব্ৰহ্মণ্যম আছিল ছত্তীশগড় কেডাৰৰ ১৯৮৭ বেটচৰ আই এ এছ বিষয়া। লণ্ডন বিজনেছ স্কুলৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী আৰু মেনেজমেণ্ট ডিগ্ৰী লাভ কৰিছিল সুব্ৰহ্মণ্যমে।

এইগৰাকী প্ৰবীণ আমোলাই জম্মু-কাশ্মীৰ আৰু ছত্তীশগড়ৰ মুখ্য সচিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত মুখ্য সচিব, আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যুটীয়া সচিব হিচাপে দীঘলীয়া সময় দায়িত্ব গ্ৰহণ কৰিছিল।

পূৰ্বৰ ইউ পি এ চৰকাৰৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু নৰেন্দ্ৰ মোদী- এই দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত তেওঁ দেশৰ গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব বহন কৰিছে।