NORTHEAST NOW (Assamese)

কৰ্তব্যৰত অৱস্থাতে সহকৰ্মীৰ গুলীত নিহত দুই অৰ্ধসামৰিক বাহিনীৰ জোৱান

November 26, 2022 10:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 26, 2022 11:48 pm

গুজৰাটত আজি নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। অহা মাহত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে পোৰবন্দৰৰ সমীপত নিৰ্বাচনী দায়িত্বত নিয়োজিত থকা অৰ্ধসামৰিক বাহিনীৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত দুগৰাকী জোৱানে প্ৰাণ হেৰুৱাইছে।

সহকৰ্মীৰ গুলীত দুইগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী জোৱান আহত হৈছে। জানিব পৰা মতে, জোৱান কেইগৰাকী সন্ধিয়া কাজিয়াত লিপ্ত হয়। বিবাদ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰাৰ সময়তে এগৰাকী জোৱানে নিজৰ এ কে ৫৬ ৰাইফলে অতৰ্কিতে গুলীচালনা কৰে।

ঘটনাস্থলীত মণিপুৰৰ ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (IRB) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)ৰ দল নিয়োজিত আছিল বুলি পোৰবন্দৰৰ কালেক্টৰ তথা জিলা নিৰ্বাচনী বিষয়া এ এম শৰ্মাই সদৰী কৰিছে।

অৱশ্যে কি কাৰণত জোৱানকেইগৰাকীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, সেয়া জানিব পৰা নাই। এই সন্দৰ্ভত বৰ্তমান তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

আহত জোৱান দুগৰাকীক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বৰ জামনগৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।

“শনিবাৰে সন্ধিয়া কোনো অজ্ঞাত বিষয়ক লৈ এগৰাকী জোৱানে তেওঁৰ এছাল্ট ৰাইফলৰ পৰা সহকৰ্মীসকলৰ ওপৰত গুলীচালনা কৰে। দুজন জোৱানৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন আহত হয়। তেওঁলোকক জামনগৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।”- জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়।

Related News