NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত পৰেশ বৰুৱাৰ ‘সন্ধানহীন’ ভতিজা, যোগ দিছে আলফা (স্বাঃ)ত: নিশ্চিত সূত্ৰ

Posted by: লক্ষ্মণ শৰ্মা Updated by: লক্ষ্মণ শৰ্মা November 17, 2018 8:08 pm
munna barua Asom

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ সূত্ৰ যদি সঁচা, ডিগবৈৰ ইণ্ডিয়ান অইলত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ‘সন্ধানহীন’ ভতিজা মুন্না বৰুৱাই যোগদান কৰিছে বিদ্ৰোহী সংগঠনটোত।

“নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এতিয়ালৈকে সংগৃহীত তথ্য আৰু সাক্ষ্যই আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষৰ ডিগবৈস্থিত সন্ধানহীন ভতিজা মুন্না বৰুৱাই পেছাদাৰী নিয়োগকাৰীৰ যোগেদি ম্যানমাৰত সংগঠনটোত যোগদান কৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে আৰক্ষী অধীক্ষক মহন্তই।

মুন্নাৰ আলফা (স্বাঃ)ত যোগদান সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ এই ভাষ্যৰ বিপৰীতে সংগঠনটোৱে এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই।

মুন্নাৰ পিতৃ, পৰেশ বৰুৱাৰ ভায়েক বিমল বৰুৱাই শুকুৰবাৰে পুত্ৰৰ সন্ধানহীনতা সন্দৰ্ভত ডিগবৈ থানাত এখন এজাহাৰ দাখিল কৰিছিল।

যোৱা ১৫ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ডিগবৈৰ ইণ্ডিয়ান অইলত কনিষ্ঠ অভিযন্তা হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২৪ বছৰীয়া যুৱকজন।

নাগৰিকত্ব বিধেয়কসৃষ্ট উত্তপ্ত পৰিৱেশত বহু যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠনটোত যোগ দিয়া বুলি চৰ্চা চলি থকাৰ মাজতে সেনাধ্যক্ষ বৰুৱাৰ ভতিজাৰ ‘সন্ধানহীনতা’ই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

ডিগবৈৰ বালিজানত এজন বন্ধুৰ সৈতে ভাৰাঘৰত আছিল মুন্না। জানিব পৰা মতে ১৫ নৱেম্বৰত বন্ধুজনে মুন্নাক ডিগবৈ বাছ আস্থানত ঘৰলৈ যোৱাৰ বাবে বাছত তুলি দিছিল।