NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাতংকই সলনি কৰিছে চিনেমা চোৱাৰো ধৰণ…নাওত উঠি চাওঁ আহক চিনেমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 1:31 pm
Floating-Movie-Theater

বহু কথাই সলনি কৰি পেলাইছে ক’ৰ’ণা ভাইৰাছে। মানুহৰ খোৱা-বোৱা, চলন-ফুৰণ সকলো কথাই যেন এতিয়া নিয়ন্ত্ৰণ কৰিছে এই অদৃশ্য ভাইৰাছ বিধে।

হোটেলে-ৰেষ্টুৰেন্টে সকলোৱে একেলগে  বহি খোৱাৰ দিন এতিয়া উকলিল , বাটে-পথে এজনে-সিজনক লগ পোৱাৰ পিছত কৰমৰ্দন কৰাৰ দিন উকলিল।

মুঠৰ ওপৰত বহু কথাতেই আমি এতিয়া সংযত হবলগীয়া হৈছে।

ক’ৰ’ণা ভাইৰাছে বহুতৰে চিনেমা চোৱাৰ ধৰণো সলাই পেলাইছে। ফ্ৰান্সৰ দৰে দেশত বহু লোকে একেলগে চিনেমা হলত বহি চিনেমা চোৱাৰ সলনি সৰু সৰু নাৱত উঠি চিনেমা চোৱাৰ বাবেহে সাজু হৈছে।

ফ্ৰান্সত এনেদৰে চোৱা চিনেমাৰ অনুষ্ঠানৰ নাম দিয়া হৈছে ফ্ল’টিং থিয়েটাৰ।

১৮ জুলাইত ফ্ৰান্সৰ ছিয়েন নদীৰ বুকুত ফ্ৰথম বাৰৰ বাবে নাৱত উঠি মানুহে চিনেমা উপভোগ কৰিব।

ফ্ল’টিং থিয়েটাৰৰ আৰঁত ক্ৰিয়া কৰা প্ৰধান উদ্দেশ্যটো হৈছে সামাজিক দূৰত্ব বজাই ৰখা। ১৮ জুলাইত ছিয়েন নদীত হ’বলগীয়া ফ্ল’টিং থিয়েটাৰৰ বাবে ১৫ জুলাই পৰ্যন্ত মানুহে টিকট সংগ্ৰহ কৰিব পাৰিব।

সেই দিনা ফ্ল’টিং থিয়েটাৰত প্ৰদৰ্শন কৰা হ’ব প্ৰখ্যাত চিত্ৰ পৰিচালক গিলছ লেলচেৰ ২০০৮ চনত মুক্তি পোৱা ছবি  লা গ্ৰেণ্ড বেইন।

হাস্য ৰসেৰে পৰিপূৰ্ণ ছবি খন প্ৰদৰ্শনেৰেই ফ্ৰান্সত আৰম্ভ হ’ব চিনেমা উপভোগ কৰাৰ এক নতুন ধাৰা।

কোনে কব পাৰে হয়তো এদিন আমাৰ ৰাজ্যতো নাৱত উপঙি চিনেমা চোৱাৰ দিন নাহিব বুলি!