NORTHEAST NOW (Assamese)

পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে দৰঙৰ খটৰা সত্ৰত পচেতি উৎসৱ আৰম্ভ

September 18, 2018 1:05 pm · ময়ুখ গোস্বামী

অইন বছৰৰ দৰে এই বেলিও দৰঙৰ খটৰা সত্ৰত বিশ্বকৰ্মা পূজা উপলক্ষে নতুনকৈ যান-বাহন কিনা লোকসকলে ভীৰ কৰাটো পৰিলক্ষিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে খটৰা সত্ৰ হৈছে বৈষ্ণৱ ঐতিহ্যবাহী ৪৫০ বছৰ প্ৰাচীন প্ৰতিষ্ঠান।

এটা লোক বিশ্বাস গঢ় লৈ উঠিছে যে যদিহে কোনো নতুনকৈ কিনা যান-বাহন খটৰা সত্ৰলৈ লৈ আহি সত্ৰৰ পৱিত্ৰ পানী বাহনখনৰ লগতে গৰাকীৰ গালৈকেও ছটিয়াই দিয়ে তেন্তে সেই বাহনখন সকলো অপায়-অমংগলৰ পৰা ৰক্ষা পৰিব।

ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা অহা জনসাধাৰণৰ উপস্থিতিয়ে সত্ৰখনক এক তীৰ্থস্থানলৈ পপৰিণত কৰি তুলিছে। খটৰা সত্ৰত ৫ দিনীয়াকৈ ‘পচেতি’ উৎসৱ পালিত হ’ব।

ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনৰ সৈতে সংগতি ৰাখি স্থানীয় কৃষক সম্প্ৰদায়ৰ লগতে অন্য লোকসকলেও এই উৎসৱ পালন কৰে। ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা বৈষ্ণৱ পৰম্পৰা অনুসৰি এই উৎসৱ আৰম্ভ হয়। ইয়াৰ লগতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক, আধ্যাত্মিক, সামাজিক আৰু শৈক্ষিক কাৰ্যসূচীও পালিত হয়।

এই বছৰতো সত্ৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগাৰাম বৈশ্যৰ নেতৃত্বত অতি সুসংবদ্ধ আৰু নিয়মানুৱৰ্তিতাৰে এই উৎসৱ পালিত হৈছে।

উৎসৱৰ প্ৰথম দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে বাৰ্ষিক আলোচনী ‘পচেতি’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা মঙলদৈ মেডিয়া চৰ্কোলৰ সম্পাদক ময়ুখ গোস্বামীয়ে। ‘পচেতি’ সম্পাদনা কৰিছে কমলাকান্ত ডেকাই।

‘পচেতি’ উন্মোচনী কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল হৈছে—বিখ্যাত সাহিত্য আৰু সাংস্কৃতিক আয়োজক তৰুণ আজাদ ডেকা, প্ৰবীণ শিক্ষাবিদ চমক ৰাই কলিতা আৰু দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা ইত্যাদি।

Related News