NORTHEAST NOW (Assamese)
দেশ

ইণ্ডিগ’ৰ বিমানত অঘটনঃ কুঁৱলীৰ বাবে বিমান পলম হোৱাৰ কাৰণেই পাইলটক আক্ৰমণ যাত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2024 1:08 pm
Passenger assaults IndiGo pilot

শীতৰ লগতে কুঁৱলীৰ অত্যধিক প্ৰকোপৰ বাবে দেশত ব্যাহত হৈছে বিমান সেৱা। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত এই সমস্যাই অধিক গা কৰি উঠিছে।

এনে পৰিস্থিতিৰ মাজতে কালি দিল্লীৰ পৰা গোৱা অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত সংঘটিত এক চাঞ্চল্যকৰ কাণ্ডই চকু কপালত তুলিছে সকলোৰে।

বিমানখনৰ সহঃপাইলটে ঘন কুঁৱলীৰ ফলত বিমানখনৰ উৰণত বিলম্ব ঘটিব বুলি ঘোষণা কৰিছিল। সেই সময়তে এজন যাত্ৰীয়ে আসনৰ পৰা উঠি গৈ আক্ৰমণ কৰে পাইলটজনক।

এই ঘটনাৰ ভাইৰেল ভিডিঅ’টোত হালধীয়া হুডি পৰিহিত এজন লোকে হঠাতে শেষ শাৰীৰ পৰা দৌৰি আহি বিমানখনৰ সহ-অধিনায়কক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে।

এই আক্ৰমণত অভিযুক্ত যাত্ৰীগৰাকীৰ নাম সাহিল কাটাৰিয়া আৰু আক্ৰমণৰ বলি হোৱা পাইলটজনৰ নাম অনুপ কুমাৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে অভিযুক্ত সাহিল কাটাৰিয়াক তৎক্ষণাত বিমানখনৰ পৰা নমাই নি কৰ্তৃপক্ষক গতাই দিয়া হয়।

ইতিমধ্যে এই বিষয়ত পাইলটজনে অভিযোগ দাখিল কৰিছে। বিমান সংস্থাটোৱে আক্ৰমণকাৰীৰ বিৰুদ্ধে আনুষ্ঠানিক গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি অভিযুক্তক তীক্ষ্ণ সমালোচনা কৰে নেটিজেনে।

অভিযুক্ত যাত্ৰীজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ন’-ফ্লাই তালিকাত অন্তৰ্ভুক্ত কৰাৰো আহ্বান জনাইছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে।