NORTHEAST NOW (Assamese)
অসম

Breaking News: মাটি স্পৰ্শ কৰাৰ লগে লগেই বিস্ফোৰণ, ১০০ যাত্ৰীসহ ভাঙি পৰিল বিমান, চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2024 1:42 pm
Breaking News: মাটি স্পৰ্শ কৰাৰ লগে লগেই বিস্ফোৰণ, ১০০ যাত্ৰীসহ ভাঙি পৰিল বিমান, চাওক ভিডিঅ’

বৰদিন উদযাপনৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা। কাজাখস্তানৰ আকটাউ বিমানবন্দৰৰ সমীপত যাত্ৰীবাহী বিমান দুৰ্ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ১০০ জন যাত্ৰী আছিল।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, সেইখন আছিল আজাৰবাইজান এয়াৰলাইন্সৰ বিমান। এই বিমানখন বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়াৰ গ্ৰ’জনিলৈ গৈ আছিল।

গ্ৰ’জনিত কুঁৱলীৰ বাবে বিমানখনে নিজৰ পথ সলনি কৰিবলৈ বাধ্য হয়। সূত্ৰ অনুসৰি বিমানখনে জৰুৰীকালীন অৱতৰণৰ বাবে আবেদন জনাইছিল।

বিস্তাৰিত তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।