NORTHEAST NOW (Assamese)
দেশ

বিমানবন্দৰত আটক অবৈধ পশুব্যৱসায়ী: পাঁচ বিদেশী জন্তু উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2022 8:38 am
exotic animals smuggle

বিগত কিছুদিন ধৰি দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবৈধ পশু ব্যৱসায় চক্ৰৰ দৌৰাত্ম্য। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত এনে অবৈধ সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে বহু দেশী-বিদেশী জন্তু।

সমসাময়িকভাৱে দেশৰ কেইবাটাও বিমানবন্দৰত অবৈধ সামগ্ৰীৰ চোৰাং সৰবৰাহো বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে। বিশেষকৈ তামিলনাডুৰ চেন্নাই বিমানবন্দৰত এনে কেইবাটাও ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

যোৱা ২৩ অক্টোবৰত পুনৰ চেন্নাই বিমানবন্দৰত এগৰাকী যাত্ৰীক পাঁচটা বিদেশী জন্তুৰ সৈতে শুল্ক বিষয়াই আটক কৰিছে।

বেংককৰ পৰা চেন্নাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে যাত্ৰীগৰাকীক আটক কৰে শুল্ক বিভাগে। ধৃত যাত্ৰীগৰাকীয়ে নিজৰ লগত অনা বেগৰ ভিতৰত জন্তু কেইটা লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল।

কিন্তু নিয়মীয়া লাগেজ পৰীক্ষাৰ সময়ত যাত্ৰীগৰাকীৰ বেগত এই জন্তুসমূহৰ উপস্থিতি ধৰা পৰে।

নথিপত্ৰ আৰু আইনী প্ৰক্ৰিয়াৰ পিছত যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জন্তুসমূহ পুনৰ্সংস্থাপনৰ বাবে থাইলেণ্ডলৈ ঘূৰাই পঠোৱা হয়।

বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি ধৃত যাত্ৰীগৰাকীয়ে বেগত তেওঁ পাঁচটা দ্বাৰ্ফ আৰু কমন স্পটেড কুস্কাছ লুকুৱাই আনিছিল।

উল্লেখ্য যে যোৱা কেইমাহমানত এনেদৰে বিমান যোগে ভাৰতলৈ চোৰাংকৈ কঢ়িয়াই অনা বহুতো জন্তু শুল্ক বিভাগে উদ্ধাৰ কৰিছে।

কেৱল বিমানবন্দৰতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত স্থলপথেৰে সৰবৰাহ কৰা অৱস্থাতো উদ্ধাৰ হৈছে বহু বিদেশী জন্তু।

এনে বিদেশী জন্তুসমূহ প্ৰধানকৈ থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ পৰা চোৰাং সৰবৰাহকাৰীয়ে দেশলৈ সৰবৰাহ কৰিছে বুলি জানিব পৰা গৈছে।