NORTHEAST NOW (Assamese)
অসম

খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ; পতঞ্জলিৰ ঘিউত পোৱা গৈছে ‘ভেজাল’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2022 2:37 pm

Patanjali’s Ghee found adulterated পতঞ্জলিৰ ‘বিশুদ্ধ গৰু ঘিউ’য়ে খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা কৰা পৰীক্ষাত ইয়াৰ খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষাত  ব্যৰ্থ হোৱাৰ বাবে নজৰলৈ আহিছে ।

পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ”ৰ নমুনা ৰাজ্য আৰু কেন্দ্ৰীয় পৰীক্ষাগাৰৰ দ্বাৰা কৰা খাদ্য সুৰক্ষাৰ পৰীক্ষাত বিফল হোৱাৰ পিছত ভেজাল বুলি প্ৰমানিত হৈছে।

পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ”ৰ নমুনা উত্তৰাখণ্ডৰ তেহৰিৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু ৰাজ্যিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক: Manish Sisodia: বিজেপিত যোগদান কৰিলেই তুলি ল’ব সকলো গোচৰ; মেচেজ পাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়াই!

নমুনাৰ পৰীক্ষা ফলাফল অনুসৰি, পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ” ভেজাল পোৱাৰ লগতে ই খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।

আনহাতে, খাদ্য সুৰক্ষা নিয়ন্ত্ৰকে নমুনাটো সংগ্ৰহ কৰা সেই তেহৰি জিলাৰ এছ ডি এম আদালতত এটা গোচৰ দাখিল কৰিব।  

২০২১ চনত খাদ্য সুৰক্ষা আৰু ঔষধ বিভাগে পতঞ্জলিৰ “বিশুদ্ধ গৰু ঘিউ” স্বাস্থ্যৰ বাবে ক্ষতিকৰ বুলি ধৰা পেলাইছিল।

লগতে পঢ়ক: Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

উল্লেখ্য যে  চাৰ ধাম যাত্ৰাৰ সময়ত খাদ্য সুৰক্ষা পৰীক্ষাৰ বাবে চম্বা-ধাৰাচু ঘাইপথত অৱস্থিত চেলু পানীৰ এখন হোটেলৰ পৰা পতঞ্জলিৰ চাউলৰ নমুনা লোৱা হৈছিল।

প্ৰয়োজনীয় পৰীক্ষাৰ পিছত সেই চাউলত বৃহৎ পৰিমাণৰ কীটনাশক দ্ৰব্যৰ উপস্থিতি নিশ্চিত কৰা হৈছিল।