NORTHEAST NOW (Assamese)
অসম

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক January 27, 2021 5:29 pm
Teok

সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক নগৰৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমৰ আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আজি এক পথ সভা অনুস্থিত কৰা  হয়।

উক্ত সভাত সংগঠনটোৰ আঞ্চলিকৰ কেইবাগৰাকী নেতাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য জিতু নেওগ, সমাজকৰ্মী সৌৰভ বৰাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী নেতাই কা বিৰোধী স্থিতি পুনৰ সজীৱ কৰি তুলি অসমৰ প্ৰতিখন গাঁৱে গাঁৱে গৈ ৰাইজক সজাগ কৰি জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়।

নেতাকেইগৰাকীয়ে বিজেপি চৰকাৰৰ অভিলাষী আঁচনিত ভোল নগৈ অসমৰ প্ৰতিটো ৰাজনৈতিক তথা অৰাজনৈতিক দল সংগঠনকে একত্ৰিত হৈ অসমীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কা’ৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনাই অনাগত ২১ৰ বিধানসভা নিৰ্বাচনত আঞ্চলিকলতাবাদক সমৰ্থন কৰি বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনায়।