NORTHEAST NOW (Assamese)
অসম

উচ্চ ৰক্ত চাপত ভোগা ৰোগীৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যুৰ সম্ভাৱনা অধিক; গৱেষণাত প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2020 8:16 pm
642 persons test Covid19 positive in Assam on Saturday

উচ্চ ৰক্ত চাপত ভোগা লোকসকলৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ অধিক আশংকা থাকে বুলি গৱেষক সকলে মত ব্যক্ত কৰিছে।

য়ুৰোপৰ হাৰ্ট জাৰ্ণেলত প্ৰকাশিত এক গৱেষণা পত্ৰত যিসকল উচ্চ ৰক্ত চাপত ভোগা ৰোগীয়ে উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণৰ বাবে কোনোধৰণৰ ঔষধ ব্যৱহাৰ নকৰে সেইসকল লোকৰ কোভিড-১৯ৰ সংক্ৰমণত প্ৰাণ হানি হোৱাৰ সম্ভাৱনা আৰু অধিক বুলি প্ৰকাশ পাইছে।

উচ্চ ৰক্ত চাপত ভুগি থকা ৰোগী সকলে কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত অধিক সচেতনতা অৱলম্বন কৰা উচিত বুলিও গৱেষক সকলে উল্লেখ কৰিছে।

চীন আৰু আয়াৰলেণ্ডৰ গৱেষক সকলেও য়ুহান চহৰৰ ২৮৬৬ গৰাকী ক’ৰ’না আক্ৰান্ত উচ্চ ৰক্ত চাপ থকা ৰোগীৰ ওপৰত গৱেষণা চলায় তেওঁলোকৰ কোভিড-১৯-ৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ হাৰ সাধাৰণ ৰোগীৰ তুলনাত বেছি বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিদেশী গৱেষকৰ লগতে ভাৰতৰ চিকিৎসক সকলেও উচ্চ ৰক্ত চাপ আৰু মধুমেহত ভুগি থকা লোক সকলক কোভিড-১৯ ৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বনৰ উপদেশ দিছে।