NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ৩৮ বছৰ বয়সতে কৰ্কটে প্ৰাণ কাঢ়ি নিলে জনপ্ৰিয় টিভি ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ অভিনেত্ৰী প্ৰিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2025 1:12 pm

টেলিভিছনৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ত অভিনয় কৰি পৰিচিত হৈ পৰা অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ মৃত্যু ঘটিছে। মাত্ৰ ৩৮ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে অভিনেত্ৰীগৰাকীয়ে। বিগত এবছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজ দিছিল প্ৰিয়াই। দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়াৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অনুৰাগী।

প্ৰিয়াই ‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকত অংকিতা লোখণ্ডেৰ কনিষ্ঠ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। মুম্বাইত ডাঙৰ-দীঘল হোৱা প্ৰিয়াই মাৰাঠী উদ্যোগৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ‘পবিত্ৰ ৰিস্তা’ৰ উপৰিও প্ৰিয়াই  ‘তু তিথে মেই’, ‘সাথ নিভানা সাথিয়া’, ‘উত্তৰণ’, ‘ভাগে ৰে মন’ আদি জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল।

প্ৰিয়া কেৱল এগৰাকী অভিনেত্ৰীয়েই নহয়, ষ্টেণ্ড আপ কমেডিয়ানো আছিল। ‘কছম ছে’ ধাৰাবাহিকৰ জৰিয়তে হিন্দী উদ্যোগত প্ৰৱেশ কৰা প্ৰিয়াই ‘কমেডী চাৰ্কাছ’ৰ প্ৰথম ছিজনতো অংশগ্ৰহণ কৰিছিল। এই ধাৰাবাহিকসমূহৰ পৰা তেওঁ বিশেষ স্বীকৃতি লাভ নকৰিলেও অভিনেত্ৰীগৰাকীয়ে ‘পবিত্ৰ ৰিস্তা’ৰ জৰিয়তে সৰ্বাধিক পৰিচিত হৈছিল।

প্ৰিয়াই সুশান্ত সিং ৰাজপুতৰ সৈতে ‘পবিত্ৰ ৰিস্তা’ত অভিনয় কৰিছিল। তেওঁৰ চৰিত্ৰ বৰ্ষা বৰ জনপ্ৰিয় হৈ পৰিছিল। বিগত এবছৰ ধৰি কৰ্কট ৰোগৰ চিকিৎসা চলি আছিল অভিনেত্ৰীগৰাকীৰ। ২০১২ চনত শান্তনুৰ সৈতে বিবাহপাশত আবদ্ধ হয় প্ৰিয়া। শান্তনু বিখ্যাত অভিনেতা শ্ৰীকান্ত মোঘৰ পুত্ৰ।