NORTHEAST NOW (Assamese)
অসম

দা-গদা-কুঠাৰধাৰী বাবা ৰবীন অধ্যুষিত সোণাইঘূলিত শান্তি প্ৰতিষ্ঠা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 26, 2019 10:33 pm
Peace returns to Baba Robin dominion in Assam's Guwahati

হাতে দা-গদা-কুঠাৰধাৰী বাবা ৰবীনৰ খেদাত পলাই ফাট মৰা শান্তি পুনৰ ঘূৰি আহিছে গুৱাহাটীৰ সোণাইঘূলি অঞ্চললৈ।

অন্ধবিশ্বাসবিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়াৰ উদ্যোগ আৰু স্থানীয় ৰাইজৰ সহযোগত বাবা ৰবীনৰ প্ৰায় এবছৰজোৰা উপদ্ৰৱ এতিয়া ক্ৰমাৎ শাম কাটিছে।

বাবা ৰবীন ওৰফে ৰবীন ৰাজবংশী নামৰ যুৱকজনৰ বিৰুদ্ধে স্থানীয় একাংশ ৰাইজে আৰক্ষীক “বাৰে বাৰে জনোৱাৰ পাছতো” বোলে কোনো সুফল পোৱা নাছিল।

কিন্তু যোৱা ২০ মে’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ মুৰব্বী তথা মানব অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া গৈ অঞ্চলবাসীৰ মাজত থিয় দিয়ে। জানিব পৰা মতে ৰাইজক লগত লৈ তেওঁ চলোৱা প্ৰচেষ্টাৰ পিছতে অঞ্চলটোলৈ ক্ৰমাৎ শান্তি ঘূৰি আহিছে।

অন্ধবিশ্বাস সন্দৰ্ভত শইকীয়াই দেওবাৰেও ওদালবাক্ৰাৰ সাবিত্ৰী ভৰালী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা আয়োজন কৰে।

বৃহৎ সংখ্যাত স্থানীয় লোক উপস্থিত থকা সভাখনত শইকীয়াই বাবা ৰবীন-সদৃশ অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক বক্তব্য ৰাখি ৰাইজক ইয়াৰ বিৰুদ্ধে ঠিয় দিবলৈ আহ্বান জনায়।

brothers assam dibyajyoti saikia
দেওবাৰে ভাষণৰত দিব্যজ্যোতি শইকীয়া।

“বাবা, তান্ত্ৰিক, বেজ আদিয়ে সমাজত অন্ধ বিশ্বাস বিয়পায়। তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে ডাইনীৰ নামত কোনো লোকক অত্যাচাৰ কৰে আনকি হত্যাও কৰে। বৰ্তমানৰ বিজ্ঞানৰ যুগত এনেধৰণৰ চিন্তাৰ কোনো স্থান নাই। অন্ধবিশ্বাসক দূৰ কৰি এখন সুষ্ঠ সমাজ প্ৰতিস্থাৰ বাবে সকলো লোক ওলাই আহিব লাগে,” এয়া সভাত শইকীয়াই আগবঢ়োৱা বক্তব্যৰ উদ্ধৃতি।

বাবাগৰাকীয়ে অঞ্চলটোত কৰা অত্যাচাৰৰ বাতৰি নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ পাইছিল।

লগতে পঢ়িব পাৰে– মহানগৰীত এইবাৰ মহিমাযুক্ত “বাবা”ৰ সন্ত্ৰাস; নৰবলি লোৱাৰ হুংকাৰ

স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে তেওঁ ঘৰতে এটা মন্দিৰ স্থাপন কৰি অস্বাভাৱিক আচৰণ দেখুৱাই আহিছিল।

যুৱকজনে পূজাৰ নামত প্ৰতিদিনে মাইক বজাই চুবুৰীয়াক অশান্তি দিয়াৰ উপৰি বিভিন্নজনক প্ৰাণনাশৰ ভাবুকি দিয়াৰ লগতে বহুতক আক্ৰমণ কৰা বুলিও প্ৰতিবেশীয়ে আমাক জানিবলৈ দিছিল।

হাতত দা-কুঠাৰ বা গদা লৈ বাবাজনে মানুহক খেদি যোৱা বুলিও কেইবাজনো লোকে প্ৰকাশ কৰিছিল।