NORTHEAST NOW (Assamese)

পুনৰ অৰুণাচলৰ মুখ্য মন্ত্ৰী ৰূপে শপত ল’লে পেমা খাণ্ডুৱে

May 29, 2019 3:30 pm · এন ই নাও নিউজ
Updated: May 29, 2019 4:37 pm

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপত  ল’লে বিজেপি নেতা পেমা খাণ্ডুৱে।

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই ইটানগৰৰ দৰ্জি খাণ্ডু ৰাজ্যিক কনভেননশ্যন চেণ্টাৰত মুখ্য মন্ত্ৰী হিচাপে পেমা খাণ্ডু, উপ–মুখ্যমন্ত্ৰী হিচাপে চাওনা মেইনকে ধৰি মুঠ ১১ গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰী কেইগৰাকী উপস্থিত থাকে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৬০ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হোৱা অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৪১ খন আসন দখলেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

আনহাতে ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনত দুবাৰকৈ চৰকাৰ গঠন কৰিছিল যদিও এইবাৰে প্ৰথমবাৰৰ কাৰণে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে।

Related News