NORTHEAST NOW (Assamese)
Popular Stories

হাতৰ ছাল, ৰক্তবাহী নলী আৰু স্নায়ু ব্যৱহাৰেৰে ৭২ বছৰীয়া লোকৰ লিংগ পুনৰ নিৰ্মাণ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2023 6:55 am

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ ভগৱান মহাবীৰ কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ (বিএমচিএইচআৰচি)ত সম্পন্ন কৰা হৈছে এক জটিল অস্ত্ৰোপচাৰ। ইয়াৰ চিকিৎসকে এজন বৃদ্ধ ৰোগীৰ কৰ্কট ৰোগত আক্ৰান্ত লিংগ আঁতৰাই তাৰ ঠাইত তেওঁৰ হাতৰ ছাল, ৰক্তবাহী নলী আৰু স্নায়ুৰ মাজেৰে নতুন লিংগ তৈয়াৰ কৰি প্ৰতিস্থাপন কৰিছে।

প্ৰায় আঠ ঘণ্টা ধৰি চলি থকা এই অস্ত্ৰোপচাৰত পাঁচজন চিকিৎসককে ধৰি ১১ জনীয়া এটা দল জড়িত হৈ আছিল। চিকিৎসকে দাবী কৰা মতে, হাতৰ ছাল, ৰক্তবাহী নলী আৰু স্নায়ু ব্যৱহাৰ কৰি সম্পন্ন কৰা ৰাজস্থানত এয়াই হৈছে প্ৰথমটো এনে জটিল অস্ত্ৰোপচাৰ।

বিএমচিএইচআৰচি জয়পুৰৰ কেন্সাৰ চাৰ্জন ডাঃ প্ৰশান্ত শৰ্মাই কয় যে বুণ্ডীৰ বাসিন্দা ৭২ বছৰীয়া কেঞ্চাৰ ৰোগীজনে চিকিৎসাৰ সময়ত লিংগ আঁতৰোৱাৰ কথা জানি প্ৰথমে অস্বীকাৰ কৰিছিল। লিংগ আঁতৰোৱাৰ পিছত ৰোগীয়ে প্ৰস্ৰাৱ কৰাত অসুবিধা পায়। লোকজনে বহি বহি প্ৰস্ৰাৱ কৰিব লগা হৈছিল। দৈনিক ৰুটিনৰ এনে পৰিৱৰ্তনে ৰোগীগৰাকীৰ মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলাবলৈ ধৰে।

পিছত ৰোগীজনক চিকিৎসকে বুজাই দিলে যে এই অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁ সেই সমস্যাৰ পৰা সকাহ লাভ কৰিব। শৰ্মাই কয় যে প্ৰায় চাৰি শতাংশ পুৰুষ কৰ্কট ৰোগীৰ যৌনাংগৰ কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ৫০ শতাংশ ৰোগীৰ চিকিৎসাৰ বাবে লিংগ আঁতৰাই দিবলগীয়া হয়।

প্লাষ্টিক চাৰ্জন ডাঃ উমেশ বংছালে কয় যে কৰ্কট ৰোগৰ লিংগটো আঁতৰাই একেটা অস্ত্ৰোপচাৰতে সমগ্ৰ অংগটো পুনৰ নিৰ্মাণ কৰাটো এক জটিল প্ৰক্ৰিয়া। এই দুটা প্ৰক্ৰিয়া একেলগে কৰিলে ৰোগীৰ মানসিক অৱস্থাত কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলিও তেওঁ কয়।

বংছালে কয়, “ৰোগীৰ বাওঁহাতৰ পৰা ছাল, ৰক্তবাহী নলী আৰু স্নায়ু লৈ লিংগটো নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত নতুনকৈ গঠিত লিংগটো স্থাপন কৰা হয় আৰু তাত তেজৰ সোঁত আৰম্ভ হয়। এই অস্ত্ৰোপচাৰত মাইক্ৰ’চাৰ্জিকেল কৌশল ব্যৱহাৰ কৰা হৈছিল।

তেওঁ কয় যে লিংগ পুনৰ্গঠনৰ উদ্দেশ্য সঠিক আকৃতি, দৈৰ্ঘ্য আৰু মূত্ৰনলী সৃষ্টি কৰাৰ লগতে লিংগত সংবেদন সৃষ্টি কৰা হৈছে। ইয়াৰ লগতে যিখন হাতৰ পৰা লিংগটো নিৰ্মাণ কৰা হৈছিল, সেই হাতখনৰ কাম কৰাৰ ক্ষমতা আৰু আকাৰৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। এই ক্ষেত্ৰত ৰোগীয়ে পুনৰ নিৰ্মাণ কৰা লিংগটোৰ সৈতে সম্পূৰ্ণ স্বাভাৱিক জীৱন যাপন কৰিব পাৰে।

প্লাষ্টিক চাৰ্জন ডাঃ সৌৰভ ৰাৱটে কয় যে ৰাজ্যখনৰ প্ৰথমটো লিংগ পুনৰ্গঠন অস্ত্ৰোপচাৰ ২০১৭ চনত বিএমচিএইচআৰচিত কৰা হৈছিল। তেওঁ কয় যে এই পৰ্যন্ত চিকিৎসালয়খনত ১০টা লিংগ পুনৰ্গঠন কৰা হৈছে। ৰাৱটে কয় যে নতুন লিংগটো একেবাৰে স্বাভাৱিক কৰি তোলা হৈছে। পুনৰ্গঠনৰ দ্বাৰা ব্যক্তিজনে দুসপ্তাহৰ ভিতৰত স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰে আৰু অন্যান্য দৈনন্দিন কাম-কাজ সহজে কৰিব পাৰে।