NORTHEAST NOW (Assamese)
অসম

অসম-মেঘালয় সীমান্তৰ হুদাকোনা-মংৰেত ৰাইজে গাঁঠিৰ ধনেৰে সাজিলে দলং; প্ৰত্যুত্তৰ দিব পঞ্চায়ত নিৰ্বাচনত

Posted by: নীলমণি শৰ্মা November 21, 2018 7:32 am
IMG_20181115_114731

পঞ্চায়ত নিৰ্বাচন সমাগত ৷ দ্বিতীয় পৰ্যায়ত গোৱালপাৰা জিলাত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত এইবাৰ গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্ত্তী ৰাইজে দিব যোগ্য প্ৰত্যুত্তৰ। চৰকাৰ আৰু জনপ্ৰতিনিধিৰ প্ৰতাৰণা তথা মিছা প্ৰতিশ্ৰুতিৰ বাবেই অসম-মেঘালয় সীমান্তৰ হুদাকোনা আৰু মংৰে গাঁৱৰ ৰাইজে লৈছে এনে সিদ্ধান্ত।

উল্লেখ্য যে হুদাকোনা আৰু মংৰে অঞ্চলত এখন দলঙৰ বাবে অঞ্চলবাসীয়ে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক কৈ আহিছে যদিও কাৰ্যতঃ আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে অঞ্চলটোৰ গাৰো-ৰাভা ৰাইজে মিলি প্ৰতিটো বছৰত দুবাৰ কৈ মেৰামতি কৰিব লগা হয় অঞ্চলটোৰ একমাত্ৰ দলংখন৷

চৰকাৰ, মন্ত্ৰী, বিধায়ক তথা প্ৰশাসন থকাৰ পিছতো বিগত ৭০ বছৰৰো অধিক সময় অঞ্চলবাসীয়ে এক নৰক যন্ত্ৰনাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এখন পকী দলঙৰ বাবে বহু আবেদন নিবেদন কৰিলে যদিও আজিলৈ দলং নহ’ল।

মেছেলখোৱা আৰু বদাহপুৰ এই দুখন পঞ্চায়তৰ প্ৰায় ৪/৫ হাজাৰ লোকে মৰণফাণ্ড ৰূপী দলংখনেৰে অহা যোৱা কৰে। চৰকাৰ প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই প্ৰতিবছৰে ৰাইজে নিজৰ ব্যৱস্থা নিজেই কৰি আহিবলগীয়া হৈছে। দান বৰঙনি সংগ্ৰহ কৰি বছৰে বছৰে মেৰামতি কৰি আহিছে দলং।

বিগত দিনবোৰত মন্ত্ৰী, বিধায়কে বহু প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো সুফল লাভ নকৰিলে সেয়ে ৰাইজে এতিয়া আৰু মিছা প্ৰতিশ্ৰুতিৰ বোজা বহন নকৰে বুলি উল্লেখ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এইসকল জনপ্ৰতিনিধিক এসেকা দিয়াৰ পণ লৈছে অঞ্চলবাসীয়ে।