NORTHEAST NOW (Assamese)
অসম

এখন অৰ্ধ নিৰ্মিত দলঙৰ বাবেই জীয়াতু ভুগিছে সোণাজুৰিৰ ৰাইজে

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 22, 2021 1:54 pm
mojk

কলিয়াবৰ মহকুমাৰ আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথচোৱাৰ ওপৰত সোণাজুৰিত থকা এখন কেইবালাখ টকীয়া দলং।

যিখন দলঙৰ নিৰ্মাণ কাৰ্য আধাতে সামৰিলে বিষয়া-কৰ্মচাৰীয়ে। দলঙখনৰ নিৰ্মাণ কাৰ্যত নিয়োজিত কৰ্মচাৰীয়ে নিৰ্মাণ কাৰ্য আধাতে সামৰি পলায়ন কৰাৰ বাবেই বাৰিষাৰ এই সময়চোৱাত এতিয়া জীয়াতু ভুগিছে স্থানীয় অঞ্চলবাসীয়ে।

উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰত মাহতে আৰম্ভ হৈছিল দলংখনৰ পুনৰ নিৰ্মাণৰ কাম।

পথছোৱাৰ ওপৰত থকা পুৰণি পকী দলংখন ভাঙি নতুন দলং নিৰ্মাণৰ কাম হাতত লৈছিল জনৈক ভৌমিক উপাধিধাৰী ব্যক্তি এজনে।

কিন্তু আজিকোপতি দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে। উল্লেখ্য যে পুৰণি দলংখন ভাঙি দিয়াৰ পিছতো ঠিকাদাৰ পক্ষই অঞ্চলবাসীৰ যাতায়তৰ বাবে আনকি এটা উপপথৰ ব্যৱস্থাও কৰি নিদিয়াৰ অভিযোগ উঠিছে।

অঞ্চলবাসীয়ে দলংখনৰ কাষেদি নিজে উপপথ এটা নিৰ্মাণ কৰিছে যদিও এজাক বৰষুণ আহিলেই পথছোৱা পিছল হৈ পৰে।

ফলত দুৰ্ঘটনা সংঘটিত হৈছে কেইবাবাৰো। শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি সমস্যা দূৰ কৰাৰ দাবী তুলিছে অঞ্চলবাসীয়ে।