NORTHEAST NOW (Assamese)
অসম

জ্যোতি-বিষ্ণুৰ স্মৃতি বিজৰিত টীয়ক আৰক্ষী থানাৰ পুৰণি ভৱনৰ সংৰক্ষণৰ দাবী সচেতন ৰাইজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 16, 2020 4:37 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট জিলাৰ টীয়কত মৈত্ৰী আঁচনিৰ অধীনত কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক সা সুবিধাযুক্ত আৰক্ষী থানাখন ১৫ জুলাইত উন্মোচন কৰে ।

টীয়ক বাসীয়ে এখন অত্যাধুনিক আৰক্ষী থানা লাভ কৰাটো গৌৰৱৰ কথা যদিও তাৰ বিপৰীতে  ১৯১৫ চনৰ ৫ জুলাইত বৃটিছে স্থাপন কৰা একেটা প্ৰাংগণতে থকা টীয়ক আৰক্ষী থানাৰ ঐতিহ্য বহন কৰা পুৰণি গৃহটো আজি অনাদৃত হৈ পৰিল।

পূৰ্বতে ২০০৫ চনত এই পুৰণি গৃহটোৰ পৰিবৰ্তে কাষতে নিৰ্মিত নতুন ভৱনলৈ স্থানান্তৰ কৰা হৈছিল আৰক্ষী থানাখন।

মৈত্ৰী আঁচনিৰ অধীনত কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক সা-সুবিধাযুক্ত গৃহলৈ টীয়ক আৰক্ষী থানাখন স্থানান্তৰ কৰাৰ ফলত পুৰণি ইতিহাস বিজৰিত গৃহটো এলাগী হৈ পৰে।

পুৰণি আৰক্ষী থানা গৃহটোৰ সৈতে জ্যোতি-বিষ্ণুৰ লগতে ভালেকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ ইতিহাস বিজৰিত হৈ আছে যাৰ বাবে স্থানীয় লোকে উক্ত গৃহটো সংৰক্ষণ কৰাৰ বাবে দাবী জনাইছে।

টীয়কবাসীৰ আশা চৰকাৰে উক্ত গৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰি স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ ইতিহাসক জীৱন্ত কৰি ৰাখিব।