NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ কাউলীত সুলভ মূল্যৰ এজেন্টৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক August 7, 2021 1:15 pm
mojk

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ২ নং পূব কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত ২ নং কাউলীত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

গাঁও খনৰ সুলভ মূল্যৰ এজেন্ট সুভাষ বৰ্মনে নিশাৰ এন্ধাৰত গোপনে একাংশ লোকক চাউল বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ।

প্ৰতিবাদ কৰিবলৈ এইদৰে গাঁওৰ পুৰুষ-মহিলা আৰু বৃদ্ধই ওলাই আহে ৰাজপথলৈ।

এজেণ্টৰ ওপৰত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰাৰ লগতে এজেন্ট সুভাষ বৰ্মন মূর্দাবাদ, যোগান বিভাগ হায় হায়, আমাৰ প্ৰাপ্য চাউল লাগিবই লাগিব, সুভাষ বৰ্মনৰ অনুজ্ঞা পত্ৰ বাতিল কৰক আদি শ্লোগানেৰে উত্তাল কাউলীৰ আকাশ বতাহ।

ঘটনাৰ তদন্ত কৰি শীঘ্ৰেই এজেণ্টৰ অনুজ্ঞা পত্ৰ বাতিল কৰি নতুন এজেণ্ট দিয়াৰ দাবী উত্থাপন গাঁওবাসীৰ।
দীর্ঘ দিনে অন্ন সুৰক্ষা আঁচনিৰ প্ৰাপ্য চাউলৰ পৰা হিতাধিকাৰীক বঞ্চিত কৰি অহাৰ অভিযোগ এজেন্ট গৰাকীৰ ওপৰত।

মাহেকৰ মূৰত হিতাধিকাৰীক খাদ্য যোগান ধৰাৰ বিপৰীতে তিনি মাহৰ মূৰে মূৰে চাউল দিয়াৰ কথা উল্লেখ কৰিছে ৰাইজে।
অঞ্চলটোৰ অন্যান্য এজেন্টে হিতাধিকাৰীক সুচাৰুৰূপে চাউল আদি দিয়াৰ বিপৰীতে ২ নং কাউলীৰ এজেন্ট সুভাষ বৰ্মনে বহু বছৰ ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সামগ্ৰী বিতৰণত খেলি-মেলি কৰাৰ লগতে পূৰ্বতেও হিতাধিকাৰীৰ চাউল বিক্ৰী কৰাৰ অভিযোগ আছে বুলি মন্ত্যৱ কৰিছে গাঁওখনৰ ৰাইজে।

সুলভ মূল্যৰ এজেন্ট জনৰ বিৰুদ্ধে কেইবা বাৰো তামুলপুৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰা স্বত্তেও বিষয়টোৰ  ওপৰত কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে গাঁওখনৰ হিতাধিকাৰীয়ে।