NORTHEAST NOW (Assamese)
Popular Stories

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 18, 2021 6:21 pm

‘মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু।‘ আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইয়ে।

আজমলক আঞ্চলিক ৰাইজৰ শত্ৰু বনাই এটা খেল খেলা হৈছে বুলি দাবী কৰি গোহাঁইয়ে লগতে কয় ‘আজমলে অসমক শেষ কৰিব পাৰিব নে? আজমলৰ দেশ ধ্বংসৰ ইচ্ছা থকা যেন মোৰ নালাগে। কিন্তু বিজেপিয়ে জাতিধ্বংসী ‘কা’ আইনখন আনিলে। আৰু কি কৰে ঠিক নাই। অসমৰ প্ৰাকৃতিক সম্পদ বৃহৎ ব্যৱসায়ীৰ হাতত গতাই দিলে।‘

‘বিজেপিৰ পৰাহে অসমৰ ৰাইজৰ বহু বেছি ক্ষতি হ’ব। আজমলক সকলো মুছলমানে সমৰ্থন নকৰে। আজমলৰ যে চক্ৰান্তমূলক অভিপ্ৰায় আছে সেইটো মোৰ ধাৰণা হোৱা নাই। বিজেপিৰ প্ৰচাৰৰ ফলতেই মানুহৰ মনত এটা মিছা ভয় সোমাইছে।‘ হীৰেন গোহাঁইয়ে দাবী কৰি এইদৰে কয়।

ইয়াৰোপৰি এই বিপদজনক ক্ষণত ৰাজনৈতিক দলসমূহে আজমলৰ লগত হাত মিলালে ক্ষতি নহ’ব বুলি ধাৰণা কৰে হীৰেন গোহাঁইয়ে।

তেওঁ আৰু কয় ‘সাধাৰণ ৰাইজক বুজাব পাৰিব লাগিব যে বিজেপিক প্ৰতিহত কৰিব পৰা সন্মিলিত শক্তি এটা আছে।‘

ইপিনে, অখিল গগৈৰ কাৰাবন্দীত্বৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহাঁইয়ে কয় ‘অখিল গগৈয়ে কা বিৰোধী আন্দোলনক গণ আন্দোলনৰ ৰূপ দিবলৈ বিশেষ ভুমিকা লৈছিল। মানুহক আলোড়িত কৰিব পৰা বিৰল ক্ষমতা আছে অখিল গগৈৰ।‘

‘চৰকাৰে পৰিকল্পিত তথা চক্ৰান্তমূলকভাৱে এটাৰ পাছত আন এটা গোচৰ জাপি দি কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে। যাতে অখিল গগৈ বিৰোধীৰ ভুমিকাত সবলভাৱে অৱতীৰ্ণ হ’ব নোৱাৰে।‘ বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি এইদৰে কয় ড০ হীৰেন গোহাঁইয়ে।