NORTHEAST NOW (Assamese)
অসম

মাণিকপুৰৰ এটি মাণিক হেৰাল; অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনদৰদী নেতা ডাঃ মহোদৰ পাঠকক

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী September 23, 2020 6:49 am
120024314_1523842597815936_6605321806587404278_n

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ মাণিক জ্যেষ্ঠ চি পি আই (এম) নেতা তথা সু-চিকিৎসক ডাঃ মহোদৰ পাঠকৰ মৃত্যুত বঙাইগাঁও জিলাত ব্যাপক শোকঁৰ ছাঁ পৰিছে।

জানিব দিয়া মতে কভিড-১৯ আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটী হেল্থ চিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওঁ পিছত চাৰিদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

ডাঃ পাঠকে মাণিকপুৰৰ লগতে সমগ্ৰ বঙাইগাঁওবাসীক নিঠৰুৱা কৰি সোমবাৰে নিশা ১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

১৯৩৬ চনত জন্মগ্ৰহণ কৰা ডাঃ মহোধৰ পাঠক ৮৪ বছৰ বয়সত মৃত্যু হয়।

ডাঃ মহোদৰ পাঠক ছাত্ৰ অৱস্থাৰ পৰাই মেধাবী আৰু সমাজৰ প্ৰতি দায়বদ্ধ আছিল। বিশেষকৈ দৰিদ্ৰ লোকৰ প্ৰতি পাঠকৰ আছিল অগাধ ভালপোৱা।

মাণিকপুৰ অঞ্চলৰ চি পি আই এমৰ জ্যেষ্ঠ নেতা ৰবিন দাসে জানিব দিয়া মতে ১৯৭২ চনত তেওঁ তেতিয়াৰ বিজনী সমষ্টিৰ পৰা বাওঁ মৰ্চাৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

১৯৭৭ চনত তেওঁ চিপিআই এমৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে। পিছলৈ চি পি আই এমৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদত অধিষ্ঠিত হৈছিল ডাঃ পাঠক।

সমাজসেৱাৰ লগতে বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল। মঙলবাৰে সন্ধিয়া পাঠকৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা মাণিকপুৰলৈ লৈ অনাৰ পিছত কোভিড-১৯ ৰ সকলো নীতি-নিয়ম মানি  অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হয়।

নামনি অসমৰ জনপ্ৰিয় চিকিৎসক তথা চিপিআই(এম)দলৰ জ্যেষ্ঠ নেতা ডাঃ মহোদৰ পাঠকে দৰিদ্ৰ ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে কোনো দিনে ১০০ টকাৰ ওপৰত চিকিৎসাৰ মাননি  লোৱা নাছিল।

ডাঃ পাঠকৰ মাণিকপুৰক নতুনকৈ গঢ় দিয়া আছিল লক্ষ্য। মানিকপুৰবাসীয়ে কেৱল ডাঃ পাঠককে হেৰুৱা নাই, মাণিকপুৰৰ যেন মাণিক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছে মাণিকপুৰ, মৌখোৱাবাসী।

ড০ পাঠক আছিল ঘোৰ ধুম পান বিৰোধী। ধুম পান কৰা কোনো ৰোগী গ’লে তেওঁ বৰ সুন্দৰকৈ ইয়াৰ অপকাৰিতা সম্পৰ্কে বুজাই দিছিল।

ডাঃ মহোদৰ পাঠকৰ মৃত্যুত বঙাইগাঁও জিলা চিপিআই এম, মাণিকপুৰ চি পি আই (এম), বঙাইগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি ৰফিকুল ইছলাম, বঙাইগাওঁ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়, বঙাইগাঁও জিলা আছু, আমছু, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, মকবুল হুছাইন, জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ৰমেজ উদ্দিন, মাণিকপুৰ লোকেল সমিতি, মাণিকপুৰ মহকুমা উন্নয়ন ও কাৰ্য্যকৰণ সমিতিৰ সভাপতি ভূপতি ৰঞ্জন গোস্বামী, কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলাম, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ, আদি কৰি বিভিন্ন দলসংগঠনৰ পৰা শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।