NORTHEAST NOW (Assamese)
Popular Stories

বোকাখাতত ফলাফল নহাকৈ কোৱাৰেণ্টাইনৰ পৰা যাবলৈ দিয়া যুৱকৰ দেহত ধৰা পৰিল কভিড-১৯

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 11, 2020 4:37 pm

বোকাখাতত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি স্ব-গৃহলৈ যোৱা এজন যুৱকৰ শৰীৰত কভিড১৯ৰ উপস্থিতি ধৰা পৰা ঘটনাই আজি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

কভিড১৯ৰ উপস্থিতি ধৰা পৰা যুৱকজনৰ নাম সাধন দাস ঘৰ বোকাখাত মহকুমাৰ কুৰুৱাবাহী ৰঙাগড়া পাৰ গাঁৱ

গুজৰাটৰ পৰা অহা সাধন দাস বিগত ১৫দিন বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল৷ কোৱাৰেণ্টাৰ সময় শেষ হোৱাত ১০ জুনত যুৱকজনক চৰকাৰী গাড়ীৰে ৰঙাগড়া পাৰৰ নিজা ঘৰত থৈ আহিছিল বোকাখাতৰ মহকুমা প্ৰশাসনে

কিন্তু আজি দুপৰীয়া যুৱকজনক বোকাখাতৰ আৰক্ষীয়ে মহকুমা দণ্ডাধীশৰ উপস্থিতিত ১০৮ এম্বুলেঞ্চেৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হ যোৱা নিশা যুৱকজনে পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ লগত সন্ধ্যা কেৰম বৰ্ড খেলিছিল

মহকুমা প্ৰশাসনে সম্প্ৰতি সাধন দাসৰ বাসগৃহক কণ্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে সাধন দাসৰ কভিড১৯ৰ ফলাফল যদি অহা নাছিল তেন্তে যুৱকজনক প্ৰশাসনে কিয় স্ব-গৃহত থৈ গৈছিল বুলি স্থানীয় লোকে প্ৰশ্ন তুলিছে।

উল্লেখযোগ্য্ যে, কুৰুৱাবাহী তিনি আলিটো স্ব-গৃহত কোৱাৰেণ্টাইনত থকা নিধি গুপ্তা নামৰ এগৰাকী ছাত্ৰীৰ শৰীৰতো কভিড১৯ ধৰা পৰিছিল। সম্প্ৰতি সাধন দাস আৰু নিধি গুপ্তাক গোলাঘাটত চিকিৎসা কৰি থকা হৈছে

ৰাজ্যত বৰ্তমানলৈকে কভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩১৯ লৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত বাতৰি লিখা সময়লৈকে ৩৪ গৰাকী লোকৰ শৰীৰত কভিড-১৯ ধৰা পৰে।