NORTHEAST NOW (Assamese)

ফলাফল ঘোষণা হোৱাৰ পিছতেই উদ্ভণ্ডালী! কংগ্ৰেছ নেতা ৰতন ইংতিৰ আৱাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ

May 5, 2026 6:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:23 am

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ডিফুৰ বোকাজানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা বোকাজান সমষ্টিৰ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত যোৱা নিশা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ চলায়। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে নেতাগৰাকীৰ ঘৰলৈ লক্ষ্য কৰি ছয়টাকৈ পেট্ৰ’ল বোমা আৰু দুটাকৈ বিস্ফোৰক নিক্ষেপ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে।

সৌভাগ্যক্ৰমে দুৰ্বৃত্তই দলিওৱা এই পেট্ৰ’ল বোমাবোৰ ঘৰৰ সন্মুখত থকা পাচলি বাৰীত পৰে, যাৰ ফলত কোনো ডাঙৰ ক্ষয়-ক্ষতি নহ’ল। আজি পুৱা স্থানীয় ৰাইজে এই সন্দেহজনক সামগ্ৰীবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। পাছত অসম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰক সামগ্ৰীবোৰ উদ্ধাৰ কৰে।

এই আক্ৰমণৰ আঁৰত কোন জড়িত আছে আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য কি, সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা এনে হিংসাত্মক ঘটনাই স্থানীয় লোকসকলক চিন্তিত কৰি তুলিছে।

উল্লেখ্য যে কালি ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে এক বিশাল জয়লাভ কৰিছে। ১২৬ খন আসনৰ ভিতৰত মিত্ৰজোঁটে মুঠ ১০২ খন আসন দখল কৰিছে, য’ত বিজেপিয়ে ৮২ খন, অগপই ১০ খন আৰু বি পি এফে ১০ খন আসন লাভ কৰিছে। আনহাতে কংগ্ৰেছ দলে মাত্ৰ ১৯ খন আসন লাভ কৰি এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বিশেষকৈ উজনি অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলে আঙুলিয়াই দিছে যে কংগ্ৰেছৰ পৰা জয়ী হোৱা ১৯ জন বিধায়কৰ ১৮ জনেই সংখ্যালঘু সম্প্ৰদায়ৰ আৰু মাত্ৰ এজনহে হিন্দু বিধায়ক নিৰ্বাচিত হৈছে। এনে এক ৰাজনৈতিক পৰিৱেশৰ মাজতে বোকাজানত সংঘটিত এই আক্ৰমণে এতিয়া নিৰাপত্তাৰ দিশত এক প্ৰশ্নচিহ্ন থিয় কৰিছে।

Related News