NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ ইতিহাসত প্ৰথম : এখন ৰাজ্যত শতক অতিক্ৰম কৰিলে পেট্ৰ’লৰ মূল্যই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 6:25 pm
index.jpgbb

মূল্যবৃদ্ধিয়ে কোঙা কৰি আহিছে দেশৰ জনগণক।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণৰ কঁকাল ভাঙি পেলোৱাৰ সময়তে দেশত মূল্যবৃদ্ধিয়ে ৰচিছে নতুন ইতিহাস।

হয়, দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইন্ধনৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিছে। ৰাজস্থানত পেট্ৰ’লৰ মূল্যই আজি শতক ঘৰ অতিক্ৰম কৰিছে।

ৰাজ্যখনৰ চৰকাৰে একেৰাহে নৱমবাৰৰ বাবে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০০ টকালৈ বৃদ্ধি পাইছে।

মংগলবাৰে নিশা পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ২৫ পইচা বৃদ্ধি কৰাৰ লগে লগে আজিৰ পৰা ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে ১০০.১৩ টকা।

উল্লেখ্য যে দেশৰ ভিতৰত ৰাজস্থান হৈছে সৰ্বোচ্চ হাৰত মূল্য সংযোজিত কৰ(VAT) সংগ্ৰহ কৰা ৰাজ্য। ইয়াৰ ফলতে ৰাজ্যখনত ইন্ধনজাত পণ্যই শতক স্পৰ্শ কৰিছে।