NORTHEAST NOW (Assamese)
Popular Stories

দাম কমিল পেট্ৰল আৰু ডিজেলৰ, পিছে কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 12:11 pm
petrol-pump

আজিৰ সৈতে একেৰাহে পঞ্চমটো দিনৰ বাবে গুৱাহাটিকে ধৰি দেশৰ প্ৰায় সকলো চহৰত হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

সোমবাৰে গুৱাহাটীত পেট্ৰলৰ মূল্য ২৫ পইচা হ্ৰাস পায়, সেইদৰে ডিজেলৰ মূল্য হ্ৰাস পাই ২৭ পইচা।

ফলত আজি ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭২.৬৬ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৬.০৯ টকা।

দেওবাৰে ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য ক্ৰমে ৭২.৯১ টকা আৰু ৬৬.৩৬ টকা আছিল।

আনহাতে দেশৰ ৰাজধানী দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ২৪ পইচা আৰু প্ৰতি লিটাৰ ডিজেল মূল্য ২৫ পইচাকৈ হ্ৰাস পায়।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য তললৈ নমাৰ ফলত ভাৰতত পেট্ৰল, ডিজেলৰ দাম হ্ৰাস পাইছে। এই সপ্তাহত এই মূল্য আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

বৰ্তমানলৈকে এইটো বৰ্ষত দেশত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৪.৫৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪.৭ টকা হ্ৰাস পাইছে।