NORTHEAST NOW (Assamese)
Popular Stories

নিশাৰ ভিতৰতে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য: হাহাকাৰ গ্ৰাহকৰ মাজত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2026 3:12 pm

শুকুৰবাৰে নিশাৰ ভাগত হঠাতে পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি পোৱাৰ খবৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ আগশাৰীৰ তৈল বিপণন কোম্পানীসমূহে কোনো আগতীয়া জাননী নিদিয়াকৈয়ে নিশাৰ ভিতৰতে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ফলত শনিবাৰে পুৱাই পেট্ৰল পাম্পলৈ যোৱা গ্ৰাহকসকল হতাশগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

অসমকে ধৰি দেশৰ ভিন্ন প্ৰান্তত নতুন দৰ অনুসৰি পেট্ৰলৰ মূল্যই গ্ৰাহকৰ পকেটত এক অতিৰিক্ত বোজা জাপি দিছে। জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উত্থান-পতন আৰু আনুষংগিক কাৰণসমূহৰ কথা উল্লেখ কৰি তৈল কোম্পানীসমূহে এই মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অস্বাভাৱিক মূল্যবৃদ্ধিয়ে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ বজাৰত সা-সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ এক নিশ্চিত শংকা কঢ়িয়াই আনিছে।

ইতিমধ্যে মুদ্ৰাস্ফীতিৰ কবলত পৰি দিশহাৰা হোৱা ৰাইজৰ বাবে পেট্ৰলৰ এই মূল্যবৃদ্ধিয়ে সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সৰ্বসাধাৰণ ৰাইজে চৰকাৰক এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আৰু তৈল কোম্পানীসমূহৰ ওপৰত কঠোৰ নজৰদাৰী ৰাখিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী সময়ত চৰকাৰে এই সন্দৰ্ভত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে সাধাৰণ জনতাই এই মূল্যবৃদ্ধিৰ বোজা নীৰৱে সহ্য কৰিব লাগিব, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।