NORTHEAST NOW (Assamese)
অসম

উৎসৱৰ মাজতে ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’লৰ দাম; প্ৰতি লিটাৰত কিমান বাঢ়িল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2024 10:51 am

উৎসৱৰ মাজতে ৰাইজক মাধমাৰ শোধালে চৰকাৰে। মূল্যবৃদ্ধিৰ ভৰত কোঙা হৈ পৰা জনসাধাৰণৰ বাবে আৰু এক বেয়া খৱৰ।

ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’লৰ দাম। ৰাজ্যিক কৰ বৃদ্ধি কৰাৰ বাবে এইদৰে অসমত বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।

এতিয়া ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ’লত ১.০১ টকাকৈ বৃদ্ধি পালে দাম।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৯৮.১৫ টকা।

লগতে পঢ়কঃ সলনি হৈছে বৃহস্পতিৰ গ্ৰেট ৰেড স্পট! তথ্য লাভ কৰি আচৰিত হৈ পৰিছে গৱেষকসকল

পেট্ৰ’লৰ এই দাম বৃদ্ধিয়ে স্বাভাৱিকতে বস্তু-বাহানিৰ আৰু অধিক মূল্যবৃদ্ধিত অৰিহনা যোগাব আৰু ৰাইজৰ ওপৰতে মাধমাৰ শোধাব।