NORTHEAST NOW (Assamese)
অসম

পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে মাধমাৰ শোধালে সাধাৰণ জনতাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 11:50 am

ক’ৰ’নাৰ মহাসংক্ৰমণৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ সন্মুখীন হৈছে দেশবাসী।

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে শুকুৰবাৰে পুনৰবাৰ সাধাৰণ জনতাক হতচকিত কৰি তুলিছে।

তেল বিপনন কোম্পানীবোৰে শুকুৰবাৰে দেশৰ চাৰিখন মুখ্য চহৰত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ২২ৰ পৰা ২৬ পইচা আৰু পেট্ৰ’লৰ মূল্য ১৭ৰ পৰা ১৯ পইচা বৃদ্ধি কৰিছে।

একেৰাহে দ্বিতীয় দিনাৰ বাবে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

ক’ৰ’না কালৰ সময়ত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি মানুহৰ বাবে এক বিপৰ্যয়তকৈ কম নহয়।

তেল বিপনন কোম্পানীৰ মতে, দিল্লীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১৯ পইচা আৰু ডিজেলৰ মূল্য ২৪ পইচা বৃদ্ধি পাইছে।

বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানীত পেট্ৰ’ল প্ৰতিলিটাৰত ৮১.৮৯ টকালৈ বৃদ্ধি হৈছে আৰু প্ৰতিলিটাৰ ডিজেলত ৭১.৮৬ টকালৈ বৃদ্ধি পাইছে।

ইফালে মুম্বাইত পেট্ৰ’ল ৮৮.৫৮, আৰু ডিজেল ৭৮.৩৮, কলকাতাত পেট্ৰ’ল ৮৩.৪৪, আৰু ডিজেল ৭৫.৪৩ টকা আৰু চেন্নাইত পেট্ৰ’ল ৮৪.৯১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৭.৭০ টকা হয়।