NORTHEAST NOW (Assamese)
Popular Stories

আইআইটি কানপুৰত চৰম পন্থা বাছি ল’লে পিএইচডিৰ ছাত্ৰীয়ে; এবছৰৰ ভিতৰত সংঘটিত এয়া চতুৰ্থ ঘটনা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 11, 2024 9:19 am

উত্তৰ প্ৰদেশৰ কানপুৰত বৃহস্পতিবাৰে এগৰাকী ২৮ বছৰীয়া পি এইচ ডি ছাত্ৰৰ আত্মহত্যাৰ ফলত মৃত্যু হয়৷ চলিত বছৰৰ ভিতৰত এয়া চতুৰ্থটো ঘটনা৷

ভূ-বিজ্ঞানত পি এইচ ডি কৰি থকা ছাত্ৰীয়ে মাজনিশা ৪ নম্বৰ হলৰ হোষ্টেলৰ কোঠা ডি-১১৬ৰ ভিতৰত আত্মহত্যা কৰি মৃত্যুবৰণ কৰে যদিও বৃহস্পতিবাৰে দুপৰীয়া হোষ্টেলৰ সতীৰ্থসকলে কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ পিছত এই বিষয়টো পোহৰলৈ আহে।

আই আই টি কানপুৰে এক বিবৃতিত কয় যে, “মৃত্যুৰ পৰিস্থিতিৰ তদন্তৰ বাবে আৰক্ষীৰ ফৰেনছিক দল এটাই কেম্পাছত উপস্থিত হৈছে। কাৰণ নিৰ্ণয় কৰিবলৈ ইনষ্টিটিউটটোৱে আৰক্ষীৰ তদন্তৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে। প্ৰগতি খৰিয়াৰ মৃত্যুৰ লগে লগে প্ৰতিষ্ঠানটোৱে হেৰুৱাইছে এজন আশাব্যঞ্জক যুৱ গৱেষক।তেখেতৰ আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু এই বৃহৎ ক্ষতিৰ সময়ত শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো।”

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, হোষ্টেল পোৱাৰ লগে লগে তেওঁৰ কোঠাত তলা লগোৱা দেখা পাইছিল আৰু লগতে কয় যে কোঠাটোৰ দুৱাৰ ভাঙি খোলাৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

সেই স্থানত উদ্ধাৰ হয় এখন টোকা, য’ত ছাত্ৰীগৰাকীয়ে লিখিছিল যে তেওঁ নিজৰ মৃত্যুৰ বাবে নিজেই দায়ী। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, হোষ্টেলৰ কোঠাৰ পৰা এটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে যিয়ে হয়তো আৰক্ষীক আত্মহত্যাৰ আঁৰৰ ৰহস্য সমাধানত সহায় কৰিব।

মৃতকে দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু ঝান্সীৰ বুণ্ডেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি সম্পূৰ্ণ কৰিছিল।