NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ফিলিপাইনছলৈ ব্ৰাহ্মছ মিছাইল ৰপ্তানি কৰিব ভাৰতে, ৩৭৪ নিযুত আমেৰিকান ডলাৰৰ চুক্তি স্বাক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2022 6:31 pm
BrahMos missile

দেশত নিৰ্মিত শক্তিশালী ব্ৰাহ্মছ মিছাইল পোন প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰিবলৈ আগবাঢ়িছে ভাৰত। ইতিমধ্যে ফিলিপাইনছৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতৰ ব্ৰাহ্মছ এৰোস্পেচ প্ৰাইভেট লিমিটেডৰ (বিএপিএল) সৈতে ৩৭৪ নিযুত আমেৰিকান ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে।

ভাৰত-ৰাছিয়াৰ যুটীয়া উদ্যোগত ব্ৰাহ্মছ এৰোস্পেচে নিৰ্মাণ কৰা চুপাৰচনিক ক্ৰুজ মিছাইল ব্ৰাহ্মছ চাবমেৰিন, জাহাজ, বিমান বা স্থল পৃষ্ঠৰ পৰা উৎক্ষেপণ কৰিব পাৰি।

৩৭৪ নিযুত আমেৰিকান ডলাৰৰ চুক্তিৰ আধাৰত ফিলিপাইনছৰ নৌসেনাক তীৰ-আধাৰিত জাহাজ বিৰোধী ব্ৰাহ্মছ মিছাইল যোগান ধৰা হ’ব বুলি দেশৰ সামৰিক বিষয়াসকলে উল্লেখ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে ব্ৰাহ্মছ এৰোস্পেচে আজি ফিলিপাইনছলৈ তীৰ-আধাৰিত জাহাজ বিৰোধী মিছাইল প্ৰণালী যোগান ধৰাৰ বাবে ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগৰ সৈতে চুক্তি স্বাক্ষৰ কৰে বুলি সদৰি কৰিছে।

“ব্ৰাহ্মছ এৰোস্পেচ হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ এক যুটীয়া উদ্যোগ কোম্পানী। দায়িত্বশীল প্ৰতিৰক্ষা ৰপ্তানিৰ প্ৰচাৰৰ ভাৰত চৰকাৰৰ নীতিৰ বাবে এই চুক্তি এক গুৰুত্বপূৰ্ণ পদক্ষেপ।” বৃবিতটোত এইদৰে উল্লেখ কৰা হৈছে।

ফিলিপাইনছলৈ ব্ৰাহ্মছ মিছাইল ৰপ্তানিৰ পিছতে এক বিশেষ সূত্ৰ অনুসৰি ভিয়েটনাম আৰু থাইলেণ্ডকে ধৰি দক্ষিণ-পূব এছিয়াৰ আন কেইবাখনো ৰাষ্ট্ৰই ব্ৰাহ্মছ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।