NORTHEAST NOW (Assamese)

দেশ চাই ভেশ, বিতৰ্কৰ কোনো কথা নাই-কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ মন্তব্য

June 27, 2025 8:43 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 27, 2025 8:44 am

এতিয়া সামাজিক মাধ্যমত কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দ প্ৰভুৰ নাম চৰ্চা।

বিদেশ ভ্ৰমণ কৰিবলৈ গৈ কৃষ্ণগুৰুৰ প্ৰেমানন্দ প্ৰভুৱে বিদেশত পৰিধান কৰা পোছাকক লৈ সামাজিক মাধ্যমত বিৰ্তকৰ সৃষ্টি হৈছে । বিৰ্তকত বহুজনে বহু লোকে বিপক্ষে, বহুতে সপক্ষে মত আগবঢ়োৱাৰ পাছতে এইবাৰ কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতিয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।

কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰেমানন্দ প্ৰভুৰ বিদেশ ভ্ৰমণক লৈ সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ সময়তে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মঙলদৈৰ ফুলেন কলিতাই বহুকেইটা  মন্তব্য কৰিছে ।

কলিতাই কয় যে, “এই বিষয়টো চৰ্চা কৰিব‌লগীয়া বিষয় নহয় । অকল এইবাৰেই যে প্ৰথম বিদেশ ভ্ৰমণ কৰিছে তেনে নহয় । আগতেও বিদেশ ভ্ৰমণলৈ গৈছে । ভাৰতৰ বাহিৰে বিদেশতো প্ৰেমনন্দ প্ৰভুৰ ভকত আছে। তেওঁ কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে শিক্ষা বিষয়তো বিদেশ ভ্ৰমণৰ প্ৰয়োজনতা আছে ।”

তদুপৰি কলিতাই কয় যে, “গুৰু হ’লেও প্ৰেমানন্দ প্ৰভুৰো নিজৰ এটা ব্যক্তিগত জীৱন আছে । দেশলৈ পোছাক পৰিধানৰ প্ৰয়োজনীয়তা আছে। পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণৰ সময়ত পোছাক পৰিধান কৰাতো কোনোধৰণৰ বিতৰ্ক কৰিব লগীয়া কথা নহয় । দুই কোটি ভকতক একতাৰ দোলেৰে বান্ধি প্ৰভু আগবাঢ়িছে । আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথোঁ কৃষ্ণ দাস, আত্মাহে এই বাণী সৰোগত কৰি আগবাঢ়িছো।”

উল্লেখ্য যে শুকুৰবাৰে বিদেশ ভ্ৰমণৰ পৰা প্ৰেমানন্দ প্ৰভু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই বিমান বন্দৰৰ পৰা অগণন ভকতে আদৰণি জনাব বুলি কলিতাই জানিব দিয়ে ।

Related News