NORTHEAST NOW (Assamese)
অসম

মদ্যপানৰ ফলতো কেন্সাৰ হ’ব পাৰে, বটলত থাকিব লাগে সতৰ্কীকৰণ; উচ্চ ন্যায়ালয়ত দাখিল গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 8:07 am
মদ্যপানৰ ফলতো কেন্সাৰ হ’ব পাৰে, বটলত থাকিব লাগে সতৰ্কীকৰণ; উচ্চ ন্যায়ালয়ত দাখিল গোচৰ

সুৰাৰ বটলত কৰ্কট ৰোগৰ বিধিগত সতৰ্কীকৰণ উল্লেখ কৰিব লাগে। এই আবেদন জনাই বম্বে উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ দাখিল কৰা হৈছে। এই সন্দৰ্ভত আদালতে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ, আৰু দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

‘বাৰ এণ্ড বেঞ্চ’ৰ মতে, জনস্বাৰ্থৰ গোচৰ তৰিছে যশ চিলৱাৰ নামৰ এজন সমাজ কৰ্মীয়ে। তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে সুৰাক প্ৰথম শ্ৰেণীৰ কাৰ্চিনোজেন (কেন্সাৰ হ’ব পৰা পদাৰ্থ) হিচাপে চিনাক্ত কৰিছে। কিন্তু সাধাৰণ জনতা এই বিষয়ে বিশেষভাৱে সচেতন নহয়। গতিকে সুৰাৰ বটলত কৰ্কট ৰোগৰ বিষয়ে বিধিগত সতৰ্কীকৰণ থাকিব লাগে বুলি ভাৱে আবেদনকাৰীয়ে।

জনস্বাৰ্থৰ গোচৰ অনুসৰি মদ্যপান কৰিলে সংশ্লিষ্ট ব্যক্তিজনৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। সেইটো সুৰাৰ বটলত গাঢ় আখৰেৰে নিৰ্দিষ্ট ধৰণে লিখাৰ প্ৰয়োজন। কিন্তু সেয়া হোৱা নাই।

গোচৰটোত কোৱা হৈছে যে যেতিয়া কোনোবাই কিবা এটা কিনিছে তেতিয়া ক্ৰেতাই সেই সামগ্ৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জনাৰ অধিকাৰ আছে। বিদেশত মদ বিক্ৰীৰ সন্দৰ্ভত বিধিগত সতৰ্কীকৰণৰ উদাহৰণো আবেদনকাৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে আয়াৰলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশত ইতিমধ্যে মদৰ বটলত সতৰ্কীকৰণ লেবেল আছে।

এই বিষয়ত যোৱা বছৰৰ জুন মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছে যে মদ্যপান কৰিলে স্তন কেন্সাৰ আৰু লিভাৰ কেন্সাৰকে ধৰি কেইবাবিধো কেন্সাৰ হোৱাৰ সম্ভাৱনা আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ চনত সমগ্ৰ বিশ্বতে ৪ লাখতকৈ অধিক লোকৰ মদ্যপানৰ বাবে কৰ্কট ৰোগত মৃত্যু হৈছে।