NORTHEAST NOW (Assamese)

কে কে এইচ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বৃহৎ বিত্তীয় অনিয়ম সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল

July 25, 2020 12:38 pm · এন ই নাও নিউজ
Updated: July 25, 2020 1:09 pm
উৎস-ইণ্টাৰনেট

গুৱাহাটীৰ খানাপাৰা আৰু ৰাণীৰ পাটগাঁৱত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দুটা চৌহদ আৰু ইয়াৰ বাবে চৰকাৰী ভূমি হস্তান্তৰ আৰু অন্যান্য কাম-কাজক কেন্দ্ৰ কৰি বহু কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে।

পলাশ চেতিয়া আৰু এজন ব্যক্তিয়ে ৩৭/২০২০ নম্বৰৰ পি আই এলৰ জৰিয়তে ৰাজ্যপালে দিয়া নিৰ্দেশ আৰু দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ত দাখিল হোৱা অভিযোগৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নোহোৱাৰ কথা উল্লেখ কৰি তদন্ত বিচাৰে।

আবেদনখনত উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়খনক স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৬১ বিঘা ভূমিৰ আবণ্টন আৰু মহানগৰ চৌহদ নিৰ্মাণৰ বাবে খানাপাৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰায় ৯ বিঘা ভূমিও ৰাজ্যিক বিশ্ববিদ্যালয়খনলৈ হস্তান্তৰ কৰা হৈছিল।

তদুপৰি, ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ আঠটা ভৱনৰ নিৰ্মাণৰ ঠিকাৰ নামতো বৃহৎ বিত্তীয় খেলিমেলি হোৱাৰ কথা পি এই এলখনত উল্লেখ কৰা হৈছে।

নিবিদা অবিহনে ১০৮ কোটি টকাৰ ঠিকা আৰু বিশ্ববিদ্যালয়খনত খালী হৈ থকা বিভিন্ন পদ পূৰণৰ বাছনি তথা নিযুক্তিৰ নাম সংঘটিত দুৰ্নীতিৰ প্ৰসংগও আবেদনখনত সন্নিবিষ্ট কৰা হৈছে।

২৪ জুলাইত আবেদনখনৰ শুনানিত আবেদনকাৰী পক্ষই শপতনামা আকাৰে কেতবোৰ তথ্য দাখিল কৰিছে।

আনহাতে, ২৬ ছেপ্তেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰা হৈছে।

Related News