NORTHEAST NOW (Assamese)

২০২৫ চনৰ আৰম্ভণিতে দেখা যাব ‘গ্ৰহৰ পেৰেড’, ভাৰতৰ পৰা কেনেকৈ দেখা যাব?

January 6, 2025 9:55 am · এন ই নাও নিউজ, গুৱাহাটী

নতুন বছৰৰ আৰম্ভণিতে সংঘটিত হবলৈ ওলাইছে জ্যোতিৰ্বিজ্ঞানৰ এক আচৰিত ঘটনা। মহাকাশৰ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহীসকলে চলিত বৰ্ষৰ আৰম্ভণিতে পেৰেড অৱ প্লেনেটছ চাব পাৰিব! হয়, ইয়াক প্লেনেটেৰী পেৰেড বুলিও কোৱা হয়। সকলো গ্ৰহ এডাল সৰলৰেখাত দৃশ্যমান হ’লে এই পৰিঘটনা ঘটে। সিহঁতক চালে পেৰেডত খোজ কাঢ়ি যোৱা যেন লাগে। সেইবাবেই ইয়াক প্লেনেটেৰী পেৰেড বুলি কোৱা হয়। ভাৰতত এই পেৰেড কেতিয়া কেনেকৈ চাব জানো আহক।

প্লেনেটেৰী পেৰেড কি? গ্ৰহবোৰৰ এটা বিশেষ অৱস্থানৰ সময়ত গ্ৰহৰ পেৰেডসমূহ গঠন হয়। পৃথিৱীকে ধৰি বহু গ্ৰহ যেতিয়া সূৰ্য্যৰ এটা ফালে আহে, তেতিয়া আকাশত এটা ৰেখা দেখা দিয়ে, যাক গ্ৰহৰ প্ৰান্তিককৰণ বোলা হয়। ইয়াৰ নাম প্লেনেটাৰী পেৰেড।

গ্ৰহ পেৰেড (Planetary Parade) কেতিয়া ? এই বছৰ অৰ্থাৎ ২০২৫ চনত দুবাৰকৈ গ্ৰহৰ পেৰেড দেখা যাব। প্ৰথমবাৰ কেৱল জানুৱাৰী মাহতহে দেখা যাব আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখা যাব।

প্লেনেটেৰী পেৰেড জানুৱাৰী ২০২৫

২১ জানুৱাৰীৰ পৰা প্ৰায় চাৰি সপ্তাহৰ বাবে মহাকাশত ৬টা গ্ৰহৰ পেৰেড দেখা যাব। এই পেৰেডত অন্তৰ্ভুক্ত হ’ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ। এই সময়ছোৱাত এই সকলোবোৰ গ্ৰহ একেলগে দেখা যাব। নাছাৰ তথ্য অনুসৰি শুক্ৰ, মংগল, বৃহস্পতি আৰু শনি গ্ৰহক যন্ত্ৰৰ অবিহনে দেখা যায় যদিও নেপচুন আৰু ইউৰেনাছক চাবলৈ টেলিস্কোপৰ প্ৰয়োজন হ’ব।

ভাৰতত কেতিয়া দেখা যাব প্লেনেট পেৰেড?

যদি আপুনি ভাৰতৰ পৰা এই গ্ৰহৰ পেৰেড চাব বিচাৰে তেন্তে ২১ জানুৱাৰীৰ পিছত চাব পাৰিব। ইয়াৰ সময় নিশা ৮:৩০ বজাৰ পিছত দেখা পোৱা যাব বুলি কোৱা হৈছে। কিন্তু এই দৃশ্যপট ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে দেখা পোৱা যাব।

প্লেনেটৰী পেৰেড মাৰ্চ ২০২৫

২০২৫ চনৰ মাৰ্চ মাহত দ্বিতীয়টো প্লেনেটৰী পেৰেড দেখা যাব। এই পেৰেডত বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন, ইউৰেনাছ গ্ৰহ অন্তৰ্ভুক্ত হ’ব। ৮ মাৰ্চ এই পেৰেড চোৱাৰ বাবে আটাইতকৈ ভাল সময়।

Related News