NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

প্লাষ্টিকৰ পৰা বৃদ্ধি পাইছে স্তন কেন্সাৰৰ সম্ভাৱনা! গৱেষণাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 17, 2024 6:50 pm

প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ পৰা স্তন কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! শেহতীয়াকৈ ‘দ্য আমেৰিকান কেমিকেল ছচাইটিৰ গৱেষণা পত্ৰত এই কথা দাবী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, খাদ্য সামগ্ৰীৰ লগতে বহুতো দৈনন্দিন সামগ্ৰীত মাইক্ৰপ্লাষ্টিক পোৱা গৈছে, যিবোৰ অহৰহ মানুহৰ শৰীৰত প্ৰৱেশ কৰি আছে। সেই প্ৰতিবেদন অনুসৰি প্লাষ্টিকত ৪০০ টা ৰাসায়নিক পদাৰ্থ পোৱা গৈছে, যিবোৰ মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

সংস্থাটোৰ গৱেষণা পত্ৰ অনুসৰি প্লাষ্টিকত প্ৰায় ১৫ হাজাৰ প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ আছে। ইয়াৰ ভিতৰত কমেও ৪০০ ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে PFAS, parabens, aromatic amines মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

মন কৰিব যে বিস্ফেনল-এ নামৰ ৰাসায়নিক পদাৰ্থবিধ প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই পদাৰ্থ সহজে পচি নাযায়। ই পৰিৱেশতে থাকে। যাৰ ফলত ই মানুহৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

গৱেষণা পত্ৰখনৰ মতে বজাৰত বিক্ৰী হৈ থকা নিমখ আৰু চেনিত মাইক্ৰপ্লাষ্টিক থাকে। অনলাইনত বস্তু কিনিলেও তাত মাইক্ৰপ্লাষ্টিক থাকে। ইয়াৰ উপৰিও খোৱাপানীৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলত প্লাষ্টিকৰ কণাও থাকে।

ইয়াৰ পূৰ্বেও গৱেষকসকলে এই তথ্য দিছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই মাইক্ৰপ্লাষ্টিকতকৈ মিহি নেনপ্লাষ্টিক পানীৰ বটলত পোৱা গৈছে। ইয়াৰ দৈৰ্ঘ্য ১ৰ পৰা ৫০০০ মাইক্ৰমিটাৰ। যিবোৰ বটলত ভৰোৱা পানীৰ লগত মিহলি হৈ থাকে। যিবোৰ শৰীৰত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হয়।

তদুপৰি বহুতে ঘৰতে খাদ্য খাবলৈ প্লাষ্টিকৰ প্লেট, চামুচ আদি ব্যৱহাৰ কৰে। আনকি চাহ বা কফিও প্লাষ্টিকৰ কাপত সেৱন কৰে। এই সকলোবোৰৰ পৰা প্লাষ্টিকৰ কণাবোৰ শৰীৰত প্ৰৱেশ কৰে, যিটো গৱেষকসকলে কেন্সাৰৰ অন্যতম কাৰণ বুলি গণ্য কৰিছে। সেয়ে গৱেষকসকলে প্লাষ্টিক সামগ্ৰী নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।