NORTHEAST NOW (Assamese)
Popular Stories

বিমান বন্দৰ আৰু বিমানত ভাৰতীয় সঙ্গীত বজাবলৈ আহ্বান অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2021 7:29 pm
Play Indian music in aircraft and airports

ভাৰতীয় বিমান সেৱা আৰু বিমান বন্দৰ পৰিচালকসকললৈ পত্ৰ লিখি বিমান আৰু বিমানবন্দৰ চৌহদত ভাৰতীয় সংগীত বজাবলৈ আহ্বান জনাইছে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে।

ভাৰতত সংগীত সামাজিক-ধৰ্মীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে আৰম্ভ হৈছিল বুলি উল্লেখ কৰি অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ভাৰতীয় সাংস্কৃতিক গৱেষণা পৰিষদৰ (ICCR) অনুৰোধৰ উদ্ধৃতি দি এই পত্ৰ প্ৰেৰণ কৰিছে।

“সমগ্ৰ বিশ্বৰ বেছিভাগ এয়াৰলাইনত সেই দেশৰ সঙ্গীত বজায়। উদাহৰণ স্বৰূপে, আমেৰিকান এয়াৰলাইনছত জেজ বা অষ্ট্ৰিয়ান এয়াৰলাইনছত মোজাৰ্ট আৰু মধ্য প্ৰাচ্যৰ এয়াৰলাইনত আৰৱ সংগীত। কিন্তু ভাৰতীয় এয়াৰলাইনছে কেতিয়াবাহে বিমানখনত ভাৰতীয় সংগীত বজায়। আমাৰ সংগীতৰ এক সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতি আছে আৰু প্ৰতিজন ভাৰতীয় ইয়াৰ বাবে সঁচাকৈয়ে গৌৰৱান্বিত হ’ব পাৰে।” অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ যুটীয়া সচিব ঊষা পাধিয়ে এয়াৰলাইন আৰু বিমানবন্দৰ পৰিচালকসকললৈ প্ৰেৰণ কৰা পত্ৰত এইদৰে কয়।

“অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ভাৰতত আৰু বিমানবন্দৰত নিয়ন্ত্ৰক প্ৰয়োজনীয়তা অনুসৰণ কৰি চলি থকা বিমানখনত ভাৰতীয় সংগীত বজোৱাৰ বাবে ICCR ৰ পৰা অনুৰোধ প্ৰাপ্ত কৰিছে,” পত্ৰখনত উল্লেখ কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰত চৰকাৰৰ এক স্বায়ত্তশাসিত সংগঠন ICCR এ ২৩ ডিচেম্বৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক ভাৰতীয় কেৰিয়াৰৰ দ্বাৰা পৰিচালিত বিমানত ভাৰতীয় সংগীতৰ প্ৰচাৰ কৰিবলৈ অনুৰোধ জনাইছিল।

সিন্ধিয়াই ২৩ ডিচেম্বৰত ICCR ৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰিছিল। অনু মালিক, কৌশল এছ ইনামদাৰ, মালিনী অৱস্থী, শৌনক অভিষেকি, মঞ্জুছা পাটিল কে, সঞ্জীৱ আভ্যংকৰ, ৰীতা গাংগুলী আৰু ৱাচিফুদ্দিন দাগৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি তথা সংগীতজ্ঞ উক্ত বৈঠকত উপস্থিত আছিল আৰু পত্ৰখনত স্বাক্ষৰ কাৰিছিল।