NORTHEAST NOW (Assamese)
Popular Stories

পশ্চিম বংগত আয়োজিত মেলাত বাংলাদেশী ব্যৱসায়ীক অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ আয়োজকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2024 11:34 am

বাংলাদেশত চলি থকা অশান্তিৰ বাবে কলকাতাৰ অন্যতম জনপ্ৰিয় শীতকালীন মেলাৰ আয়োজকসকলে বাংলাদেশী ব্যৱসায়ীসকলক – যিসকলে মেলা খেলপথাৰত ষ্টল বুকিং কৰি আগতীয়াকৈ ধন দিছিল তেঁওলোকক মেলাত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনাইছে।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি কলকাতাৰ বিধাননগৰ মেলা উৎসৱ ২০২৪-২৫ৰ ষ্টল আৰু পেভিলিয়ন বুকিং পৰিচালনা কৰা সংস্থাটোৱে বাংলাদেশী ব্যৱসায়ীয়ে ষ্টলসমূহৰ বাবে দিয়া অগ্ৰিম ধন ঘূৰাই দিবলৈ আৰম্ভ কৰিছে।

আজি অৰ্থাৎ মঙলবাৰে ছল্ট লেক চেণ্ট্ৰেল পাৰ্ক মেলা খেলপথাৰত উদ্বোধন কৰা হব এই মেলা। বিধাননগৰ পৌৰ নিগমে আয়োজন কৰা এই মেলা অহা ৬ জানুৱাৰীলৈকে চলিব। এইবাৰ প্ৰায় ৫০০খন ষ্টল স্থাপন কৰা হৈছে।

ইতিমধ্যেই জনোৱা হৈছে যে অহা ২৮ জানুৱাৰীৰ পৰা চেণ্ট্ৰেল পাৰ্ক মেলা খেলপথাৰত আৰম্ভ হবলগীয়া কলকাতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত সীমা অতিক্ৰম কৰি অংশগ্ৰহণৰ কোনো সম্ভাৱনা নাই। প্ৰতিবছৰে বাংলাদেশৰ প্ৰতিনিধিয়ে ঢাকাই আৰু জামদানী শাৰী আৰু অন্যান্য সামগ্ৰীৰ দুটাৰ পৰা তিনিটা ষ্টল স্থাপন কৰে বিধাননগৰ মেলাত, যিখন মেলাত চাবলৈ বৃহৎ জনসমাগম আকৰ্ষিত হয়।

বৰ্তমান বিধাননগৰ মেলা উৎসৱ চহৰৰ অন্যতম জনপ্ৰিয় মেলা হিচাপে পৰিগণিত হৈছে। বাওঁ মৰ্চাৰ ক্ষমতাত থকা সময়ত এই মেলা এটা বেচৰকাৰী সংস্থাই আয়োজন কৰিছিল। ২০১১ চনত তদানীন্তন বিধাননগৰ পৌৰসভাই মেলাখনৰ নিয়ন্ত্ৰণ লয় আৰু ২০১৫ চনত গঠন হোৱাৰ পৰাই বিএমচিয়ে এই মেলাৰ আয়োজন কৰি আহিছে।