NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ৬১ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ সহ দুজন যুৱক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 20, 2020 5:37 pm
Bokakhat story

বোকাখাত আৰক্ষীয়ে দেওবাৰে বিশেষ সূত্ৰৰ পম খেদি বোকাখাতৰ সাপজুৰিত চলোৱা এক অতৰ্কিত অভিযানত ৬১ টা চোৰাং ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে।

অভিযানকাৰী দলটোৱে সাপজুৰিৰ এটা গৃহত অভিযান চলাই চোৰাং চিলিণ্ডাৰ  কেইটা জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ আধাৰত চলোৱা এই অভিযানত বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলটোৱে সাপজুৰি বঙালী গাঁৱৰ পিন্টু চাহু আৰু সুনীল গুপ্তাৰ বাসগৃহৰ পৰা ১০৪ খন উজ্বলা আঁচনিৰ কাৰ্ডৰ সৈতে চোৰাঙভাৱে ৰখা এই ৬১ টা চিলিণ্ডাৰ জব্দ কৰে ৷

ইয়াৰ লগতে, গেছ পৰিবাহী এ এছ-০৩ বিচি-৪৭৯৭ নম্বৰৰ চিলিণ্ডাৰ পৰিবহনত  ব্যৱহৃত এখন টাটা এচি গাড়ীও জব্দ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, যুৱকদ্বয়ে উজ্বলা আঁচনিৰ অধীনৰ এই কাৰ্ডেৰে দীৰ্ঘ দিনৰ পৰা চোৰাংকৈ ৰন্ধন গেছৰ ব্যৱসায় চলাই আছিল ৷

ঘটনাৰ পাচত পিন্টু চাহু আৰু সুনীল গুপ্তাৰ নামত বোকাখাত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি দুয়োকো জেল হাজোতলৈ প্ৰেৰণ কৰে।