NORTHEAST NOW (Assamese)
অসম

সংবাদ মাধ্যমক তাচ্ছিল্য প্ৰধান মন্ত্ৰীৰ, আছু-কংগ্ৰেছৰ গৰিহণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 9, 2019 10:35 pm
Prime Minister of India Narendra Modi delivering lecture during public meeting of BJP in Changsari ,Kamrup,Assam on 09-02-19.pix by UB PHOTOS

অসমৰ একাংশ বিজেপি নেতাৰ পৰম্পৰা ৰক্ষা কৰি শনিবাৰৰ বিশাল সভাত খোদ প্ৰধান মন্ত্ৰী মোদীয়েও তৰল মন্তব্য কৰিলে সাংবাদিকক লৈ।

সভাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ‘বেচেৰা’ আখ্যা দিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁ কয়, ‘মোৰ সম্পূৰ্ণ বিশ্বাস গুৱাহাটীৰ পৰা ছপা হোৱা বাতৰি কাকতসমূহত এই বৃহৎ ৰে’লিৰ বাতৰি কাইলৈ প্ৰকাশ নাপায়। ইয়াত যিসকল বেচেৰা সাংবাদিক আহিছে, তেওঁলোকে বহু কষ্ট কৰি বাতৰি সংগ্ৰহ কৰি নিব; কিন্তু তেওঁলোকৰ মালিকে তেওঁলোকৰ কষ্টসমূহ সম্পূৰ্ণ হ’বলৈ নিদিয়ে।‘

প্ৰধান মন্ত্ৰী এজনে সংবাদ মাধ্যমৰ বিষয়বস্তুক লৈ কৰা এই মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিৰোধী কংগ্ৰেছ।

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই মোদীৰ এই “অসন্মানজনক, তাচ্ছিল্যসূচক” মন্তব্যৰ গৰিহণা দি কয়, “সংবাদ মাধ্যমে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ মতবোৰ প্ৰকাশ কৰাটো প্ৰধান মন্ত্ৰীৰ সহ্য হোৱা নাই।”

বিধেয়কৰ বিৰুদ্ধে অসমৰ জনগণৰ প্ৰতিবাদ সবিস্তাৰে প্ৰকাশ আৰু প্ৰচাৰ কৰাটো মোদীয়ে সহ্য কৰিব পৰা নাই বুলি মন্তব্য কৰি ভট্টাচাৰ্য্যই লগতে কয় যে দেশৰ প্ৰধান মন্ত্ৰী হোৱা সত্ত্বেও মোদীৰ দৃষ্টিভংগি আক্ৰোশমূলক।

মোদীয়ে যিমানেই আক্ৰমণ নকৰিলেও অসমৰ সংবাদ মাধ্যমৰ গাত অলপো আঁচোৰ নপৰে বুলিও মন্তব্য কৰে ভট্টাচাৰ্য্যই।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যক ‘অতি দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰিছে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

তেওঁ কয়, ‘মোদী তথা বিজ্যপিৰ অন্য নেতাই সমালোচনা আৰু সত্য সহ্য কৰিব নোৱাৰে। মোদীয়ে বিজেপি দলৰ ফে’চিষ্ট মনৰ পৰিচয় দিলে।‘