NORTHEAST NOW (Assamese)
Popular Stories

নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰী বিতৰ্ক! দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে দিল্লী উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2025 6:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ সন্দৰ্ভত তথ্য প্ৰকাশৰ নিৰ্দেশ দিয়া চিআইচিৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ৰায় সংৰক্ষিত কৰি ৰাখিছে।

দিল্লী বিশ্ববিদ্যালয়ৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চিআইচিৰ নিৰ্দেশ বাতিল কৰাৰ যোগ্য।

মেহতাই অৱশ্যে কয় যে দিল্লী বিশ্ববিদ্যালয়ৰ অভিলেখ আদালতত দেখুওৱাত কোনো আপত্তি নাই।

মেহতাই কয় যে, “বিশ্ববিদ্যালয়ৰ কোনো আপত্তি নাই আদালতত অভিলেখ দেখুৱাবলৈ। ১৯৭৮ চনৰ ডিগ্ৰী আছে, কলা শাখাত স্নাতক।”

উল্লেখ্য যে, আৰটিআইৰ আবেদনৰ পাছত ২০১৬ চনৰ ২১ ডিচেম্বৰত কেন্দ্ৰীয় তথ্য আয়োগে ১৯৭৮ চনত প্ৰধানমন্ত্ৰী মোদীয়ে বি এ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ৰেকৰ্ড পৰিদৰ্শনৰ দেখুওৱাৰ অনুমতি প্ৰদান কৰে।

কিন্তু ২০১৭ চনৰ ২৩ জানুৱাৰীত উচ্চ ন্যায়ালয়ে চিআইচিৰ নিৰ্দেশ স্থগিত ৰাখিছিল।

দিল্লী বিশ্ববিদ্যালয়ে ১১ ফেব্ৰুৱাৰীত যুক্তি দিছিল যে, তেওঁলোকে তথ্যসমূহ ফিডুচিয়াৰী ক্ষমতাত ৰাখিছে আৰু কৌতুহলে আৰটিআই আইন অনুসৰি কাকো ব্যক্তিগত তথ্য বিচৰাৰ অধিকাৰ প্ৰদান নকৰে।