NORTHEAST NOW (Assamese)

‘প্ৰধান মন্ত্ৰী মোদীয়ে আমাক দিলে এটা হেডলাইন আৰু এখন খালী কাগজ’ : পি চিদাম্বৰম

May 13, 2020 12:37 pm ·
Updated: May 14, 2020 7:46 am
প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম (ফাইল ফ'টো)

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাশীক সম্বোধন কৰি ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে।

প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক পেকেজক চিদাম্বৰমে কেৱল মাত্ৰ এটা হেডলাইন আৰু খালী কাগজৰ সৈতে তুলনা কৰিছে।

চিদাম্বৰমে মোদীৰ ভাষণ সন্দৰ্ভত তিনিটা টুইট কৰিছে। তেওঁ লগতে আশা প্ৰকাশ কৰিছে যে আজি বিয়লি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰ্থিকে পেকেজৰ লগতে অৰ্থ ব্যৱস্থা সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিব।

চিদাম্বৰমে টুইটত লিখিছে, ‍‘কালি প্ৰধান মন্ত্ৰী মোদীয়ে আমাক মাত্ৰ এটা হেডলাইন আৰু এখন খালী কাগজ দিছে। আৰু আজি সেই খালী কাগজখন ভৰাবলৈ বিত্ত মন্ত্ৰীৰ ফালে চাই আছো’।

প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে নিজৰ দ্বিতীয়টো টুইটত লিখে যে কি কি ক্ষেত্ৰত কিমান কিমান লাভ কৰে। প্ৰথমতে আমি চাম যে দুখীয়া, ভোকাতুৰ আৰু প্ৰব্ৰজিত শ্ৰমিক সকলে নিজৰ নিজৰ ৰাজ্যলৈ খোজকাঢ়ি যোৱাৰ পিছত কি আশা কৰিব পাৰে।

ইয়াৰ পিছতে চিদাম্বৰমে নিজৰ তৃতীয়টো টুইটযোগে কয় যে বাস্তৱত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলে কি লাভ কৰে।

উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ দিনত বিত্ত মন্ত্ৰীৰ দায়িত্বত থকা চিদাম্বৰমে সোমবাৰেও এটা টুইটৰ জৰিয়তে ৰেইলৱে বিভাগে ট্ৰেইন চলাচলৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছিল।

Related News