NORTHEAST NOW (Assamese)
Popular Stories

‘এক্স’ত ১০০ মিলিয়ন অনুগামীৰ মাইলৰ খুঁটিত উপনীত প্ৰধানমন্ত্ৰী মোদী; সামাজিক মাধ্যমত জনপ্ৰিয়তা বাঢ়িলেও ৰাজ্যসমূহত ভেটি খহিছে বিশ্বগুৰুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2024 9:13 am

সামাজিক মাধ্যম,কেমেৰা আৰু এটেনশ্যন ভালপোৱা প্ৰধানমন্ত্ৰী মোদী এক্সত বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে৷পিছে এই কৃতিত্ব বিজেপিৰ নেতা কৰ্মীৰ বাবে সুখবৰ হ’লেও দেশৰ অৱহেলিত,শোষিত শ্ৰেণীৰ বাবে বৰ এটা উদ্‌যাপন কৰিবলগীয়া খবৰ নহয়৷মণিপুৰৰ দৰে ৰাজ্যত গোষ্ঠীগত হিংসাৰ দাবানল জ্বলি থকাৰ পাছতো খবৰ ল’বলৈ আহৰি নোপোৱা প্ৰধানমন্ত্ৰীৰ এই কৃতিত্ব মণিপুৰৰ জনতাৰ বাবে বৰ সুখকৰ নহয়৷কিন্তু যি কি নহওক বিশ্বগুৰুৰ কৃতিত্ব,ঢাক ঢোল বজাই প্ৰচাৰ নকৰাকৈ নোৱাৰি৷

২০০৯ চনত এক্সত যোগদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে। অনুগামীৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত থকা কেইবাগৰাকীও নেতাৰ সৈতে প্ৰতিযোগিতাত বহু আগবাঢ়ি আছে মোদী। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এক্সত ৩৮.১ মিলিয়ন ফ’ল’ৱাৰ আছে। ডুবাইৰ শ্বেখ মহম্মদৰ এক্সত আছে ১ কোটি ১২ লাখ অনুগামী। পোপ ফ্ৰান্সিছৰ আছে ১ কোটি ৮৫ লাখ অনুগামী৷

এক্স হেণ্ডেলত মোডীৰ অনুগামীৰ সংখ্যা আন ভাৰতীয় নেতাৰ তুলনাত বহু বেছি। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এক্সত ২ কোটি ৬৪ লাখ অনুগামী। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুগামীৰ সংখ্যা ২ কোটি ৭৫ লাখ অনুগামী।

মনোৰঞ্জনৰ জগতখনত বহু চেলিব্ৰিটিতকৈ আগবাঢ়ি আছে মোদী। এক্সত টেইলৰ চুইফ্টৰ ৯৫.৩ মিলিয়ন ফ’ল’ৱাৰ আছে। লেডী গাগাৰ  আছে ৮৩ মিলিয়নতকৈ অধিক ফ’লৱাৰ। কিম কাৰ্দাছিয়ানৰ আছে ৭৫.২ মিলিয়ন ফ’ল’ৱাৰ৷