NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত আদানী প্ৰসংগ উঠিছিল নেকি? কি উত্তৰ দিলে মোদীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2025 12:52 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীৰ বিষয়টো উত্থাপন কৰিছিল নেকি?

ভাৰতীয় কোটিপতিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আমেৰিকাৰ আদালতে। বাইডেনৰ শাসনকালৰ সেই সিদ্ধান্ত আমেৰিকা প্ৰশাসনে কাৰ্যকৰী কৰা নাই। ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ এটৰ্নী জেনেৰেলক সংশ্লিষ্ট আইন পুনৰীক্ষণ কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। অৱশ্যে গোচৰটো প্ৰত্যাহাৰ কৰা হোৱা নাই।

বৃহস্পতিবাৰে ট্ৰাম্পৰ বৈঠকৰ পিছত এক যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা হয় যে আদানীৰ বিৰুদ্ধে হোৱা গোচৰৰ সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিছে নেকি?

এই সন্দৰ্ভত দীঘলীয়া উত্তৰ দিলে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, ভাৰত এখন বৃহৎ গণতান্ত্ৰিক দেশ। বসুধৈৱ কুটুম্বকম অৰ্থাৎ আমি সমগ্ৰ বিশ্বক আমাৰ অতিথি হিচাপে গণ্য কৰোঁ। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মই সকলোৰে স্বাৰ্থত কাম কৰোঁ। দুজন ৰাষ্ট্ৰপতিৰ আলোচনাত এনে ব্যক্তিগত কথা নাহে।

আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বুলি জনাজাত। সৌৰ শক্তি প্ৰকল্পৰ ঠিকা লাভৰ বাবে আমেৰিকাৰ ব্যৱসায়ীক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ প্ৰশাসনে।