NORTHEAST NOW (Assamese)

ক’ৰ’না সম্পৰ্কে বিল গেটছৰ সৈতে প্ৰধান মন্ত্ৰী মোদীৰ দীঘলীয়া বাৰ্তালাপ

May 15, 2020 10:51 am · এন ই নাও নিউজ
Updated: May 15, 2020 10:55 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্ববাসীক সন্ত্ৰষ্ট কৰি তোলাৰ সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক তথা গেটছ ফাউণ্ডেশ্যনৰ প্ৰমুখ বিল গেটছৰ সৈতে বাৰ্তালাপ কৰে।

বিশ্বৰ অন্যতম ধনী তথা প্ৰভাৱশালী ব্যক্তি বিল গেটছৰ সৈতে প্ৰধান মন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আলোচনাত মিলিত হয়।

দীঘলীয়া সময়লৈকে চলা এই কথা বতৰাত মোদীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ বিল গেটছৰ পৰা কিছু পৰামৰ্শও বিচাৰে।

আনহাতে, ভাৰতে কেনে ধৰণে মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি আছে সেই কথাও  প্ৰধান মন্ত্ৰীয়ে গেটছক অৱগত কৰে।

এই মহামাৰীৰ সময়ত গেটছ ফাউণ্ডেশ্যনে স্বাস্থ্য সম্বন্ধীয় কাম-কাজত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা সহায়ৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ২৬৪৯ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News