NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে অহা ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ February 1, 2019 1:16 pm
Gadkari's family holiday: Opposition raps Modi government

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ হৈ থকা সময়তে অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ৰাজ্যিক বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে অহা ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব।

জানিব পৰা মতে অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধান মন্ত্ৰী মোদীয়ে শংকৰ সংঘৰ অধিৱেশনত উপস্থিত থকাৰ লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হোৱা ৰ’পৱে’ৰ মুকলি অনুষ্ঠানতো অংশ ল’ব। এই দুয়োটা কাৰ্যসূচীতে অংশ লোৱাৰ পাছত প্ৰধান মন্ত্ৰীগৰাকী অৰুণাচললৈ ৰাওনা হ’ব।

এইখিনিতে মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ কথা বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰিছে যদিও এই পৰ্যন্ত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে ভ্ৰমণৰ কোনো তথ্য প্ৰকাশ কৰা নাই। তাৰোপৰি বিধেয়ক বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ লোৱাৰ সময়তে তেওঁৰ অসম ভ্ৰমণ লক্ষ্যণীয় হিচাপে বিবেচিত হ’ব।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পিছতেই অৰ্থাৎ ১২ ফেব্ৰুৱাৰিত দলীয় কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ। লোকসভা নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহে দেশজুৰি চলাই থকা নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে গুৱাহাটীলৈ আহিব লগীয়া সভাপতিগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশ ল’ব বুলি জানিব পৰা গৈছে।